পট্টা প্ৰদানৰ ঘোষণা কৰি এতিয়া ভূমি অধিগ্ৰহণৰহে চক্ৰান্ত

বেদখলকাৰী নহয়, আমি ভূমিপুত্রহে

IMG 20250731 102200

✒️গুৱাহাটীৰ গাতে লাগি থকা পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত প্রাকৃতিক সৌন্দৰ্যৰ ৰম্যপুৰী বৰদুৱাৰ অঞ্চলত আদানী গ্রুপক ‘টাউনশ্বিপ’ নিৰ্মাণ কৰিবলৈ চৰকাৰে বৃহৎ পৰিমাণৰ মাটি গতাই দিবলৈ যোজা চলোৱাক লৈ সম্প্রতি শংকাত দিন কটাবলগীয়া হৈছে স্থানীয় কমেও ২২শটা খিলঞ্জীয়া পৰিয়াল।

ইতিমধ্যে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি অঞ্চলটোত বিপুল জনমত গঢ়ি উঠাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈ আহিছে যদিও আজিকোপতি এই সন্দৰ্ভত চৰকাৰে স্থিতি স্পষ্ট কৰা নাই।

‘দৈনিক অগ্রদূত’ৰ ক্ষেত্ৰভিত্তিক অভিযানত স্থানীয় লোকসকলে পুনৰ চৰকাৰৰ এই সিদ্ধান্ত কোনোপধ্যে মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে। তেওঁলোকে স্পষ্ট কৰি দিছে যে পূর্বতে এই স্থানতে এনডিআৰএফৰ মাণ্ডলিক কার্যালয় স্থাপন কৰিবলৈ বিচৰা হৈছিল; কিন্তু ৰাইজৰ প্ৰতিবাদত চৰকাৰে সেই সিদ্ধান্ত সলনি কৰিবলগীয়া হৈছিল।

উল্লেখ্য যে এই অঞ্চল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত। ১৮৬১৩ ব্ৰিটিছৰ শাসনকালত এই অঞ্চলৰ প্ৰায় ১৫ হেজাৰ ভূমিত এণ্ডিবেল এণ্ড বামনলুৰীয়ে এখন চাহ বাগিচা খুলিছিল। পৰৱৰ্তী সময়ত এই চাহ বাগিচা বৰদুৱাৰ টি এণ্ড কোম্পানীৰ নামেৰে পৰিচয় লাভ কৰে।

১৯২২ৰ ২২ ডিচেম্বৰত ই পি আৰ গিলমেনে এই চাহ বাগিচা কলকাতাৰ চান্দমল ভাটিয়াক ৯৯ বছৰৰ বাবে লীজত দিয়ে। সম্প্রতি চাহ বাগিচাখন কার্যক্ষম হৈ আছে যদিও পূৰ্বৰ দৰে সেই পৰিৱেশ নাই। চাহ বাগিচাখনৰ গৰিষ্ঠসংখ্যক ভূমি মানুহৰ বসতিস্থলীলৈ পৰিণত হোৱাৰ লগতে কলঘৰটোও বন্ধ হৈ পৰিছে।

এই ভূমিত বাস কৰা জনজাতীয় লোকসকলক বিজেপি চৰকাৰে ভূমিপট্টা দিয়া হ’ব বুলিও ৰাজহুৱাকৈ ঘোষণা কৰিছিল; কিন্তু এই ভূমি এতিয়া আদানী গোষ্ঠীক গতাই দিবলৈ বিচৰা কাৰ্য তেওঁলোকে মানি ল’ব পৰা নাই আৰু কোনো কাৰণতে ভূমি এৰি নিদিয়ে বুলি স্পষ্ট কৰি দিছে।

ইফালে, বৰদুৱাৰ ভূমিপট্টা দাবী সমিতিৰ সভাপতি গোবিন্দ ৰাভাই ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘আমি কিছু দিনৰ পৰা শংকাত দিন কটাবলগীয়া হৈছে। ইয়াৰ কাৰণ হৈছে যে যোৱা ২৬ মে’ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ পৰা বৰদুৱাৰত ছেটেলাইট টাউনশ্বিপ স্থাপন হ’ব বুলি ঘোষণা কৰিলে। আমি তেওঁক ক’ব খোজো যে ৰাভা, গাৰো, বড়োকে ধৰি অন্যান্য যিসকল খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লোকে ইয়াত বাস কৰি আছে, আজিৰ পৰা নহয়, ব্ৰিটিছ অহাৰ আগৰে পৰা আমাৰ পূৰ্বপুৰুষসকলে এই মাটিত বাস কৰি আহিছে।’

উল্লেখ্য যে ২০২৪ৰ নৱেম্বৰত ২০২৫ৰ ফেব্ৰুৱাৰীৰ ভিতৰত এইসকল লোকক মাটিৰ পট্টা দিব বুলি চৰকাৰে ঘোষণা কৰিছিল বুলি ৰাভাই মন্তব্য কৰি পুনৰ কয়, ‘এখন বিশাল ৰাজহুৱা সভাৰ জৰিয়তে সেই সময়ৰ ৰাজহ মন্ত্রী যোগেন মোহনে ভূমি পট্টা দিয়াৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছিল। তাৰ পৰিৱৰ্তে আঠ-ন ফেব্ৰুৱাৰীত এই মাটি পুঁজিপতিক গতাই দিয়াৰ উদ্দেশ্য জিলা আয়ুক্তৰ কাৰ্যালয়ত এখনৰ পাছত সিখন বৈঠক অনুষ্ঠিত কৰিলে।

শেষত স্পষ্ট হ’ল যে এই ভূমি আদানীক গতাই দিব। ইয়াৰ প্ৰতিবাদত ১৩ ফেব্ৰুৱাৰীত বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ল। তেতিয়া স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিলে যে বৰদুৱাৰৰ মাটি পুঁজিপতি গোষ্ঠীক দিবলৈ চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই। ১৬ ফেব্ৰুৱাৰীত জিলা আয়ুক্তই স্পষ্টীকৰণ দিলে যে বৰদুৱাৰত এহেজাৰ বিঘা মাটি লোৱাৰ কোনো পৰিকল্পনা নাই চৰকাৰৰ।

শেষত ২৯ মে’ত এখন বৃহৎ প্রতিবাদী সভা অনুষ্ঠিত হ’ল আৰু ইয়াৰ পাছতে যোৱা ছয় জুনত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্রী জয়ন্ত মল্লবৰুৱাই আমাৰ প্ৰতিনিধি দল এটাক আলোচনালৈ মাতিলে; কিন্তু আমি আশ্বস্ত হ’ব নোৱাৰিলো। তেওঁলোকে কৈছে যে আমাৰ কোনো অসুবিধা নহয় আৰু যিখিনি মানুহ আছে তেওঁলোকক পুনৰ সংস্থাপন দিব। ভাল সুবিধা পাব, চাকৰি-সংস্থাপন পাব; কিন্তু আমাৰ স্পষ্ট কথা যে আমাক এইবোৰ নালাগে, যিদৰে আছো সেইদৰেই ভাল। আমাক মাটিৰ পট্টা দিয়ক।’

উল্লেখ্য যে বৰদুৱাৰ চাহ বাগিচাৰ প্ৰায় ৫,৫০০ ভূমিত দীর্ঘদিন ধৰি বাস কৰি আছে কমেও ২২শ পৰিয়ালে। এতিয়া ২২শ বিঘা মাটিতহে চাহ গছ আছে বুলি স্থানীয় লোকে দাবী কৰিছে। ইয়াত খালী মাটি নাই বুলি উল্লেখ কৰি গোবিন্দ ৰাভাই পুনৰ কয়, ‘যদিও চৰকাৰখনে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈছে, তাৰ পাছতো আজি খিলঞ্জীয়া ৰাইজ শংকিত। চৰকাৰে সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰিছে বুলি দাবী কৰি আহিছে যদিও খিলঞ্জীয়াক লক্ষ্য কৰি এই উচ্ছেদ চলোৱা হৈছে।’

দাবী সমিতিৰ আন এজন সদস্য তথা অঞ্চলটোৰ সচেতন ব্যক্তি আদিত্য ৰাভাই কয়, ‘আদানী কোন? কিয় আমি আদানীক মাটি দিম? ইয়াত দুশ-তিনিশ বছৰ থকা মানুহে আজি ভূমি অধিকাৰ পোৱা নাই আৰু আজি গুজৰাটৰ পৰা আহিয়েই আদানীয়ে মাটিৰ অধিকাৰ কাঢ়ি ল’ব, সেয়া হ’ব নোৱাৰে। এয়া অসম্ভৱ কথা। ড° হিমন্ত বিশ্ব শৰ্মাই পুঁজিপতিৰ দালাল হৈ আমাৰ মাটি কাঢ়িবলৈ আহিছে; তেওঁলোকে জনা দৰকাৰ যে আমি ট্রাইবেল বেল্ট এণ্ড ব্লকত আছো। এই মাটি আমাক বাপ বুলি দিব লাগিব, এই মাটি কাঢ়িলে কি অৱস্থা হ’ব চাব। আমি বেদখলকাৰী নহয়, আমি ইয়াৰ ভূমিপুত্ৰহে।’

Exit mobile version