Jatiya Dal Leader Arrested: ছ’চিয়েল মেডিয়াত আলফা( স্বাধীন) ৰ পোষ্ট দি আটক জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়া

arrested

Jatiya Dal Leader Arrested:

সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত আলফা( স্বাধীন) ৰ পোষ্ট দি আটক হ’ল জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়াক |

জাতীয় ন্যায়ৰ কাৰ্যালয়ত আলফা( স্বাধীন)ৰ ছহিদ বেদীক মাল্যাৰ্পণ কৰি থকা এখন ফটো চেতিয়াই সামাজিক মাধ্যমত কৰিছিল আপলোড । এই সন্দৰ্ভত অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চত ২/২৫ নম্বৰত ৰজু হৈছিল এক গোচৰ ৷ এই গোচৰৰ ভিত্তিত গুৱাহাটী আৰক্ষীয়ে বৃহস্পতিবাৰে মহানগৰীৰ বশিষ্ঠপুৰ বাইলেন ওৱানত থকা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰণৱজ্যোতি চেতিয়াক ৷ এই কথা আনুষ্ঠানিকভাৱে সদৰি কৰে উপ -আৰক্ষী আয়ুক্ত মৃণাল ডেকাই l উল্লেখ্য যে ,চেতিয়াৰ স্থায়ী ঘৰ শিৱসাগৰৰ ডিমৌত ।

Exit mobile version