International Karate Competition:
নৱম আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা খন কলকতা নেতাজী ইন্দোৰ হ’লত যোৱা ২৪ জুলাইৰ পৰা ২৭ জুলাইলৈকে অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ কাৰাটে একাডেমীৰ স্বত্বাধিকাৰী দীপজ্যোতি কলিতা, ৰূপৰেখা দাস আৰু প্ৰশিক্ষক প্ৰণৱ শৰ্মাৰ নেতৃত্বত যোৱা ১৩ গৰাকী খেলুৱৈয়ে ১০ টা পদক লাভ কৰিবলৈ সক্ষম হোৱাত গ্ৰাম্য চহৰ ঘগ্ৰাপাৰত আনন্দৰ জোৱাৰ উঠে।
প্ৰতিগৰাকী কাৰাটে খেলুৱৈক অভিনন্দন জ্ঞাপন কৰে সচেতন ৰাইজে। পদক লাভ কৰা খেলুৱৈ সকল ক্ৰমে অনুৰাগ বৈশ্য- সোণ, পৰশমণি দাস- সোণ, বিশাল কলিতা- ৰূপ, ৰিচা ডেকা- ৰূপ, পৰশমণি দাস- ৰূপ, মৌচুমী দাস-ৰূপ, ময়ুখ কাশ্যপ-ৰূপ, জ্ঞানদ্বীপ কলিতা- ব্ৰঞ্জ, প্ৰিয়ংসু কাশ্যপ- ব্ৰঞ্জ আৰু নিতিশ চৰণীয়া- ৰূপ।
