Actor Sanjay Dutt:অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

sanjay

Actor Sanjay Dutt:

বলিউড অভিনেতা সঞ্জয় দত্তই এটা কথা প্রকাশ কৰিছে। ২০১৮ ত এজন অনুৰাগীয়ে তেওঁৰ বাবে প্রায় ৭২ কোটি টকাৰ সম্পত্তি এৰি থৈ গৈছিল। অৱশ্যে সেই বিশাল সম্পত্তি নিজৰ বাবে ৰখাৰ পৰিৱৰ্তে সঞ্জয় দত্তই অনুৰাগীৰ পৰিয়াললৈ ঘূৰাই দিয়ে।

সঞ্জয় দত্তৰ এই মানৱীয় আৰু দায়িত্বশীল আচৰণত বহু লোক মুগ্ধ হৈ পৰিছে। শেহতীয়া এক সাক্ষাৎকাৰত সঞ্জয় দত্তই কয় যে অনুৰাগী নিশা পাটিল নামৰ ৬২ বছৰীয়া এগৰাকী মহিলাৰ মাৰাত্মক ৰোগ ধৰা পৰে। মৃত্যুৰ পূর্বে তেওঁ বেংকক নির্দেশ দিছিল যে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সকলো সম্পত্তি সঞ্জয় দত্তক হস্তান্তৰ কৰিব লাগে।

আইনী প্ৰক্ৰিয়াৰ জৰিয়তে অভিনেতাজনক একমাত্ৰ উত্তৰাধিকাৰী কৰি গৈছিল নিশাই। কিন্তু এই অভাবনীয় সিদ্ধান্তত সঞ্জয় দত্ত আচৰিত হৈছিল যদিও সম্পত্তি গ্রহণ কৰাৰ পৰিৱৰ্তে সেয়া নিশাৰ পৰিয়ালক ঘূৰাই দিয়ে। মুঠতে সঞ্জয়ে কয়, মই তেওঁৰ পৰিয়ালকে সেয়া ঘূৰাই দিছো।

২০১৮ত যেতিয়া এই ঘটনা সংবাদ মাধ্যমত আহিছিল, তেতিয়াই তুমুল চৰ্চাৰ সৃষ্টি কৰিছিল। সঞ্জয় দত্তৰ জীৱনৰ উত্থান-পতনৰ এগৰাকী মুগ্ধ দর্শক আছিল নিশা পাটিল। তেওঁৰ সংগ্ৰামৰ কাহিনী আৰু প্ৰত্যাৱৰ্তনৰ শক্তিৰ পৰা অনুপ্রাণিত হৈয়ে নিশাই এনে সিদ্ধান্ত লৈছিল। বলিউডৰ তাৰকাৰ স’তে অনুৰাগীৰ সম্পৰ্ক কিমান আৱেগিক আৰু গভীৰ হ’ব পাৰে এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিছে।

উল্লেখ্য যে সঞ্জয় দত্তৰ ব্যক্তিগত জীৱন আৰু কেৰিয়াৰ দুয়োটা উত্থান-পতনেৰে ভৰি আছিল। ‘বাস্তৱ’, ‘মুন্না ভাই এম বি বি এছ’, ‘খলনায়ক’, ‘সাজন’, ‘অগ্নিপথ’ৰ দৰে অসংখ্য ছবিত তেওঁ নিজৰ পৰিচয় গঢ়ি তুলিছে। সম্প্রতি সঞ্জয় দত্ত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে বহু চর্চিত দুখন ছবিৰ জৰিয়তে। এখন হৈছে ৰাজনৈতিক একচন ড্রামা ‘ধুৰন্ধৰ’, য’ত তেওঁৰ স’তে আছে ৰণবীৰ সিং, আৰ মাধৱন, অক্ষয় খান্না আৰু অর্জন ৰামপাল।

আনহাতে, প্রভাস অভিনীত হৰৰ-কমেডী ‘দ্য ৰাজা চাব’ য’ত প্রভাসে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত লগতে নিধি আগৰৱাল আৰু মালবিকা মোহননেও অভিনয় কৰিছে। অহা পাঁচ ডিচেম্বৰত মুক্তি পাব এই দুয়োখন ছবি।

Exit mobile version