Dr. Nagen Saikia:প্ৰসিদ্ধ শিক্ষাবিদ, সাহিত্যিক ড:নগেন শইকীয়াক ডিব্ৰুগড়ৰ বাসগৃহত সাক্ষাৎ  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

saba 1 scaled

Dr. Nagen Saikia:

প্ৰসিদ্ধ শিক্ষাবিদ, সাহিত্যিক, চিন্তাবিদ ড: নগেন শইকীয়াক ডিব্ৰুগড়ৰ বাসগৃহত সাক্ষাৎ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি স্বাস্থ্যৰ বুজ লয় আৰু বিভিন্ন বিষয়ত বাৰ্তালাপ কৰি পৰামৰ্শ গ্ৰহণ কৰে। ড° নগেন শইকীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সোণোৱালে তেখেতৰ আশীৰ্বাদ গ্ৰহণ কৰে।

ড: নগেন শইকীয়া ছাৰৰ জীৱনাদৰ্শ আৰু অমূল্য কৰ্মৰাজিয়ে জাতীয় জীৱনক সমৃদ্ধ কৰাৰ লগতে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰি আহিছে। আজি ছাৰৰ ডিব্ৰুগড়স্থিত বাসগৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ খবৰ লওঁ আৰু বিভিন্ন বিষয়ত বাৰ্তালাপ কৰোঁ। ছাৰৰ আশীৰ্বাদ আৰু বহুমূলীয়া দিহা-পৰামৰ্শই আমাক অনুপ্ৰাণিত কৰিলে। ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।”, সোণোৱালে উল্লেখ কৰে।

Exit mobile version