Golokganj:গোলকগঞ্জত বিলাসীবাহনত চোৰাং গো-ধন

cow

Golokganj:

গোলকগঞ্জ সম জিলাৰ অসম -পশ্চিমবংগ সীমান্তৰে অব্যাহত আছে বহি:ৰাজ্যৰ পৰা চোৰাং গো ধনৰ অবৈধ আমদানি। চোৰাং বেপাৰীয়ে গোপনে বহি:ৰাজ্যৰ পৰা গো ধন আনি ধুবুৰী গৌৰীপুৰৰ বিভিন্ন গোপন স্থানত জমা কৰে। তাৰ পৰা সময় সুযোগ বুজি উন্মুক্ত নদী পথেৰে বাংলাদেশ লৈ চালান কৰে।

যোৱা নিশা তেনে এখন বাহনৰ পৰা আৰক্ষীয়ে চাৰিটা চোৰাং গো-ধন উদ্ধাৰ কৰে। জানিব পৰা গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই নিশা ১৭ ৰাষ্ট্ৰীয় ঘাইপথৰ বীৰ চিলাৰায় দলঙৰ কাষত খাপ পিটি আছিল।

পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমুখে তীব্ৰ বেগত গৈ থকা AS 01DJ 6202 নম্বৰৰ বেলেনো বাহন খনক আৰক্ষীয়ে ৰবলৈ নিৰ্দেশ দিয়ে। আৰক্ষীৰ নিৰ্দেশ উলংঘন কৰি বাহন খন পলায়ন কৰে। আৰক্ষীয়ে পিছে পিছে খেদি যোৱাত চালকে বাহন খন পেষ্টাৰ ঘাটেদি সুমুৱাই দি বান্ধৰ ওপৰত বাহন এৰি পলায়ন কৰে। আৰক্ষীয়ে বাহন খনত চালাচী চলোৱাত মুখ ভৰি বন্ধা অৱস্থাত চাৰিটা চোৰাং গো-ধন উদ্ধাৰ হয়।

Exit mobile version