Jyotikuchi Sankardev Road:
এজাক বৰষুণ দিলেই মহানগৰীৰ অধিকাংশ পথ – উপপথ জলমগ্ন হৈ পৰাৰ দৃশ্য মহানগৰীৰ বাবে চিৰপৰিচিত । পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তগৰ্ত ২২ নং ৱাৰ্ডৰ জ্যোতিকুছিৰ তিনিআলীৰ শতাব্দী সংযোগী শংকৰদেৱ পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত এটা দ- খাৱৈত পৰিণত হৈছে ৷ এজাক বৰষুণৰ দিলেই পথছোৱাত একাঠু পৰ্যন্ত পানী হৈ এটা জলাশয়লৈ পৰ্যবেশিত হয় ৷
শেহতীয়াকৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জ্যোতিকুছিৰ শতাব্দী পথৰ সংযোগী শংকৰদেৱ পথত অনুষ্ঠিত এক সভাত উপস্থিত থাকি শংকৰদেৱ পথটি পকীকৰণৰ আশ্বাস দিছিল ৷ কিন্ত বিধায়কৰ আশ্বাসে নাপালে কোনো গতি ৷
জ্যোতিকুছিৰ শতাব্দী পথৰ সংযোগী শংকৰদেৱ পথৰ ৰাইজে পুনৰ মেয়ৰ আৰু বিধায়কলৈ কাতৰ অনুৰোধ পথটি অচিৰেই পকীকৰণ কৰক ৷
