Upper Assam Artistc Gymnastic Tournament:মৰাণত উজনি অসম আৰ্টিষ্টিক জিমনাষ্টিক প্ৰতিযোগিতা সম্পন্ন

শিৱসাগৰ জিলালৈ শ্ৰেষ্ঠ দলৰ সন্মান

moran

Upper Assam Artistc Gymnastic Tournament:

মৰাণত অনুষ্ঠিত হোৱা উজনি অসম আৰ্টিষ্টিক জিমনাষ্টিক প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে শিৱসাগৰ জিলাই ৷ চৰাইদেউ জিলা জিমনাষ্টিক সন্থাৰ উদ্যোগত, শিৱসাগৰ জিলা জিমনাষ্টিক সন্থা আৰু মৰাণ জিমনাষ্টিক সন্থাৰ সহযোগত মৰাণত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক উজনি অসম জিমনাষ্টিক প্ৰতিযোগিতাখনি দেওবাৰে নিশা সামৰণি পৰে ৷

উজনি অসমৰ ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু দেৰগাওঁ জিলাৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনি উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী  যোগেন মহনে ৷ ২ বছৰৰ পৰা ১৪ বছৰৰ ভিতৰৰ বিভিন্ন শাখাত অনুষ্ঠিত প্ৰতিযোগিতা খনত শিৱসাগৰ জিলাই শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷

Exit mobile version