আদানীৰ বিৰুদ্ধে তদন্তৰ আশংকাত ট্ৰাম্পৰ ওপৰত মৌন মোডী!

বিস্ফোৰক অভিযোগ ৰাহুলৰ

adani cover

Rahul Gandhi:✒️আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ দাবী নৰেন্দ্ৰ মোদীয়ে কিয় নাকচ কৰা নাই? দীৰ্ঘদিন ধৰি এই প্ৰশ্ন উত্থাপন কৰি আহিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে। এইবাৰ সেই প্ৰশ্নৰ উত্তৰ নিজেই দিলে ৰাহুলে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মাত মাতিব নোৱাৰাৰ কাৰণ গৌতম আদানী বুলি দাবী কৰিছে বিৰোধী নেতাগৰাকীয়ে।

ৰাহুলে দাবী, আমেৰিকাত আদানীৰ বিৰুদ্ধে তদন্ত চলিছে,সেই তদন্তৰ ভয়ত মোডীক মৌনতা অৱলম্বন কৰিছে উদ্যোগপতি বন্ধুৱে ।

পহলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ বাবে ড’নাল্ড ট্ৰাম্পে ধাৰাবাহিকভাৱে ক্ৰেডিটৰ দাবী কৰি আহিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে যে তেওঁৰ মধ্যস্থতাই পাৰমাণৱিক অস্ত্ৰধাৰী দেশ দুখন যুদ্ধৰ পৰা বিৰত আছে।

ট্ৰাম্পৰ এই দাবী অস্বীকাৰ কৰিছে ভাৰত চৰকাৰে । নতুন দিল্লীয়ে দাবী কৰিছে যে যুদ্ধবিৰতিৰ সিদ্ধান্ত দুয়োখন দেশৰ সিদ্ধান্ত। ইয়াত কোনো তৃতীয় দেশৰ হস্তক্ষেপ নাই। পাকিস্তানৰ অনুৰোধত ভাৰতে এই সংঘাত বন্ধ কৰিবলৈ সন্মত হৈছে।

অৱশ্যে নতুন দিল্লীয়ে ৰাজহুৱাভাৱে কোৱা নাই যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে মিছা কথা কৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও প্ৰকাশ কৰা নাই এই কথা। সংসদত অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনাৰ সময়ত ৰাহুল গান্ধীয়ে মোডীক ট্ৰাম্প সন্দৰ্ভত মুখ খুলিবলৈ প্ৰত্যাহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে এক ঘণ্টীয়া ৪২ মিনিটৰ ভাষণত এই বিষয়টো সাৱধানে এৰাই চলিছে। ট্ৰাম্পক লৈ মোডীয়ে মৌনতা অৱলম্বন কৰাৰ কাৰণ কি?

ৰাহুলে কয় যে ইয়াৰ আঁৰত প্ৰধানমন্ত্ৰীৰ উদ্যোগপতি বন্ধুসকলৰ স্বাৰ্থও জড়িত হৈ আছে। বুধবাৰে পুৱা ৰাহুলে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত কয়, ‘ভাৰত, অনুগ্ৰহ কৰি বুজিব ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিব কাৰণ আমেৰিকাত আদানীসকলৰ তদন্ত চলি আছে। তদুপৰি মোডী আৰু এ এ (পঢ়ক আদানী-আম্বানী)ৰ মাজত ৰাছিয়াৰ তেল ক্ৰয়ৰ চুক্তি পোহৰলৈ অহাৰ আশংকা।মোডীৰ হাত বান্ধি আছে।”

উল্লেখ্য যে,ভাৰতীয় উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে কিছুদিন পূৰ্বে উৎকোচৰ অভিযোগত তদন্ত আৰম্ভ কৰিছিল আমেৰিকা প্ৰশাসনে। কিন্তু সেই তদন্তত বিশেষ অগ্ৰগতি হোৱা নাই।

ৰাহুলে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই তদন্ত প্ৰক্ৰিয়াত আদানীসকলক বচাবলৈ ট্ৰাম্পৰ দাবীক নস্যাৎ কৰা নাই।

Exit mobile version