সম্পত্তি হস্তগতৰ অংকৰে ২০ বছৰত চাৰি মহিলাক হত্যা

kerala murder accused sebastian under probe for multiple womens disappearances since 2006 after cha 051004185 16x9 0 1

Serial killer:✒️সৌ সিদিনালৈ তেওঁক কোনেও সন্দেহ কৰা নাছিল যে তেওঁ এজন হত্যাকাৰী। সমাজত তেওঁৰ স্থানো উচ্চ। কাৰণ তেওঁ বিপুল ধন-সম্পত্তিৰ গৰাকী। শেহতীয়াভাৱে পোহৰলৈ আহে যে ৬০ৰ ঊর্ধ্বৰ এই লোকজন এজন হত্যাকাৰী। শীতল মগজুৰে এগৰাকীৰ পাছত আনগৰাকীকৈ চাৰিগৰাকী মহিলাক তেওঁ হত্যা কৰে।

মহিলাকেইগৰাকীৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি হস্তগত কৰাৰ উদ্দেশ্যে তেওঁ এগৰাকীৰ পাছত আনগৰাকীকৈ মহিলাক হত্যা কৰে। অৱশ্যে তেওঁ ভয়ংকৰ অপৰাধকেইটা তেওঁ অধিক দিনলৈ গাপ দি ৰাখিবলৈ সক্ষম নহ’ল। উপন্যাস বা চলচ্চিত্ৰৰ কাহিনীৰ দৰে এই ঘটনা সংঘটিত হৈছে কেৰালাত। অলপতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই লোকজনৰ নাম ছেবাষ্টিয়ান। ৰাজ্যখনৰ

আলাপুজহাৰ নিৱাসী ছেবাষ্টিয়ানে বিগত ২০ বছৰত এই ভয়ংকৰ অপৰাধকেইটা সংঘটিত কৰে। সা-সম্পত্তি হস্তগত কৰাৰ উদ্দেশ্যে ২০০৬ৰ পৰা তেওঁ চলিত বর্ষলৈ চাৰিগৰাকী মহিলাক হত্যা কৰে। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে, ছেবাষ্টিয়ানে অবৈধ উপায়ৰে সা-সম্পত্তি আহৰণৰ উদ্দেশ্যেৰে বিবাহ বিচ্ছেদিতা বা অকলশৰীয়া মহিলাক লক্ষ্য কৰি লয়।

এনে মহিলাৰ স’তে তেওঁ বিভিন্ন ভাও ধৰি সম্পৰ্ক গঢ়ি তোলে। তেওঁ পতা ফান্দত আবদ্ধ হৈ চাৰিগৰাকীকৈ মহিলাই প্রাণ হেৰুৱাবলগীয়া হয়। ছেবাষ্টিয়ানৰ এই ফান্দত যোৱা বছৰ কট্টায়ম জিলাৰ আথিৰামবুজাৰ জৈন মেথ্যু (৫৫) নামৰ এগৰাকী মহিলা আবদ্ধ হয়। যোৱা ২৩ ডিচেম্বৰত মহিলাগৰাকী ৰহস্যজনকভাবে সন্ধানহীন হয়।

মহিলাগৰাকীৰ উদ্ধাৰৰ উদ্দেশ্যে আৰক্ষীয়ে কৰি থকা অনুসন্ধানৰ সময়ত ছেবাষ্টিয়ানৰ এই সমগ্ৰ অপৰাধ পোহৰলৈ আহে। মেথ্যু নিজ ঘৰৰ পৰাই সন্ধানহীন হৈছিল। আৰক্ষীয়ে বহু চেষ্টা কৰিলেও তেওঁৰ শুংসূত্র উলিয়াব পৰা নাছিল। অলপতে মহিলাগৰাকীৰ এটা হেৰুওৱা ম’বাইল ফোনৰ পৰা অলপতে তেওঁৰ পৰিয়ালৰ এজন সদস্যলৈ এটা কল আহে।

ইয়াৰ লগে লগে তেওঁৰ পৰিয়াল তৎপৰ হৈ ঘটনাৰ বিষয়ে তদন্তকাৰী আৰক্ষীক জনায়। এই ফোন কলৰ অনুসন্ধান কৰি আৰক্ষীয়ে ছেবাষ্টিয়ানক জালত পেলায়। মেথ্যুৰ হেৰুওৱা ফোনটোৰ পৰা তেওঁৰ পৰিয়ালৰ সদস্যজনলৈ কট্টায়মৰ এক পাহাৰীয়া অঞ্চলৰ পৰা ফোন কল অহাৰ তথ্য আৰক্ষীয়ে উদ্ধাৰ কৰে।

তদন্তত লগতে পোহৰলৈ আহে যে ফোন কলটো ছেবাষ্টিয়ানে কৰিছিল। লক্ষ্যণীয়ভাবে তেতিয়ালৈ মহিলাগৰাকীৰ সন্ধানহীন হোৱা ঘটনাৰ তদন্তৰ আওতালৈ ছেবাষ্টিয়ান অহা নাছিল। এই ফোন কলৰ তথ্য উদ্ধাৰ হোৱাৰ পাছতহে তেওঁ তদন্তৰ আওতালৈ আহে আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

পাছত তেওঁ জেৰাত প্ৰকাশ কৰে যে তেওঁ কেৱল মেথ্যুকে নহয়, সা-সম্পত্তিৰ লোভত চাৰিগৰাকী বিবাহি বিচ্ছেদিতা বা অকলশৰীয়া মহিলাক হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখে। জেৰাত তেওঁ প্রকাশ কৰা অনুসৰি, ২০০৬ত তেওঁ বিন্দু পদ্মনাভন, ২০১২ত আয়েশা আৰু ২০২০ত সিন্ধু নামৰ মহিলা তিনিগৰাকীক হত্যা কৰে।

এই মহিলাগৰাকী ৰহস্যজনকভাৱে সন্ধানহীন হৈছিল। এই সন্ধানহীন ঘটনাকেইটাৰ আৰক্ষী তদন্তৰ আওতালৈ কেতিয়াও ছেবাষ্টিয়ান অহা নাছিল। চাৰিগৰাকীকৈ মহিলাক হত্যাৰ অভিযোগত শেহতীয়াভাবে ছেবাষ্টিয়ান জালত পৰা ঘটনাই তেওঁৰ প্রতিবেশীসকলক হতবাক কৰিছে।

এজন চুবুৰীয়াই কয়, ‘তেওঁৰ গ্ৰেপ্তাৰে আমাক হতভম্ব কৰিছে। বিগত কিছু বছৰ ধৰি তেওঁ ঘৰত নিয়মীয়াকৈ থকা নাছিল। তেওঁৰ আচাৰ-ব্যৱহাৰ অতি ভাল লগা আছিল। আচাৰ-আচৰণ আৰু বাৰ্তালাপৰ জৰিয়তে তেওঁ মানুহক মোহিব পাৰিছিল।’ আৰক্ষীৰ জেৰাত অভিযুক্তজনে প্ৰকাশ কৰা অনুসৰি, তেওঁ সম্পত্তিৰ লোভত মহিলাকেইগৰাকীক হত্যা কৰে।

পৰৱৰ্তী সময়ত ভুৱা নথিপত্ৰৰে তেওঁ মহিলাকেইগৰাকীৰ সম্পত্তি দখলৰ চেষ্টা কৰে। ভুৱা কাগজ-পত্ৰৰে পূৰ্বৰ তিনিগৰাকী মহিলাৰ সা-সম্পত্তি হস্তগত কৰাৰ ক্ষেত্ৰত তেওঁ সফলো হয়।

Exit mobile version