Majuli :
মধ্য মাজুলীৰ অন্তৰ্গত পোহাৰদিয়া গাঁৱৰ নিছেই কাষতে ব্ৰহ্মপুত্ৰৰ বালিচৰ খান্দি ডাম্পাৰে ডাম্পাৰে বালি ভৰ্তি কৰি নিৰ্মীয়মান লখিমপুৰ- ধুনাগুৰি সংযোগী দলংলৈ মাটি নিবৰ বাবে অনুমতি দিয়া কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে মধ্য মাজুলীবাসী। মধ্য মাজুলীৰ অন্তৰ্গত গাঁও সমূহৰ লগতে ঐতিহাসিক বেঙেনাআটী সত্ৰ,আউনীআটী সত্ৰ নতুন কমলাবাৰী সত্ৰ,উত্তৰ কমলাবাৰী সত্ৰলৈ আহিব পৰে খহনীয়াৰ তীব্ৰ ভাবুকি।
১আগষ্টত অঞ্চলবাসী ওলাই আহি প্ৰতিবাদ কৰাৰ পাছতো বিষয়টোত জিলা প্ৰশাসনে গুৰুত্ব নিদি মাটি খান্দি ডাম্পাৰেৰে চেলেক-ধুনাগুৰি দলং সংলগ্ন পথ নিৰ্মাণৰ বাবে কঢ়িয়াই আছে।পূৰ্বে উক্ত অঞ্চলত হোৱা প্ৰৱল গৰাখহনীয়াই মধ্য মাজুলীৰ ভূ-খণ্ডৰ বাবে সংকটৰ সৃষ্টি কৰাৰ পাছত যোৱা কেইটামান বছৰত অঞ্চলটোত খহনীয়াৰ প্ৰকোপ কিছু কমি আছে। কিন্তু, শেহতীয়াকৈ অঞ্চলটোত অব্যাহত থকা খনন কাৰ্যৰ ফলত স্থানীয় ৰাইজ পুনৰ ভয়ংকৰ খহনীয়াৰ আতংকত ভুগিছে।
ব্ৰহ্মপুত্ৰৰ চাপৰিত চলোৱা খনন কাৰ্যৰ ফলত বান-খহনীয়াই অঞ্চলটো নি:শেষ কৰাৰ আশংকাত ভোগা ৰাইজে খনন কাৰ্য বন্ধ কৰাৰ বাবে দাবী জনাইছে যদিও সংশ্লিষ্ট পক্ষসমূহে এই বিষয়ত গুৰুত্ব দিয়া নাই আৰু খনন কাৰ্য অব্যাহত ৰাখিছে।
যাৰ পৰিপ্ৰেক্ষিতত আজি কমলাবাৰীৰ মাজুলী মিলন সংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাৰ জড়িয়তে প্ৰশাসনে ব্ৰহ্মপুত্ৰৰ কাষত মাটি খন্দাৰ অনুমতি দি বৃহৎ মধ্য মাজুলীবাসীলৈ ঘৰীয়াল চপাই অনা কাৰ্যক বিৰোধিতা কৰি কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। অসমৰ মুখ্যমন্ত্ৰী,জিলা আয়ুক্ত মাজুলীৰ বিধায়কলৈ প্ৰেৰণৰ সিদ্ধান্ত লয়।উক্ত স্থানত মাটি খন্দা বন্ধ কৰিবলৈ আহ্বান জনায়।
