Rahul Gandhi:বাংগালুৰুৰ ১০-১৫ বর্গফুটৰ বিশেষ কোঠালি সদৃশ ঘৰটোত নোলাল ৮০ ভোটাৰৰ অস্তিত্ব

rahul new

Rahul Gandhi:

কৰ্ণাটকৰ বাংগালুৰুৰ এটা কোঠালি সদৃশ সেই বিশেষ ১০-১৫ বর্গফুটৰ ঘৰটোত কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দাবী কৰা কথাই সত্য প্রমাণিত হ’ল। ৰাহুলৰ দাবী অনুসৰিয়েই ঘৰটোত অস্তিত্ব বিচাৰি পোৱা নগ’ল ৮০ জন ভোটাৰৰ। অর্থাৎ কংগ্রেছ নেতাজনে নির্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সম্প্রতি সত্য প্রমাণিত হৈছে। শেহতীয়াকৈ উপলব্ধ তথ্য মতে ৰাহুলে পোহৰলৈ অনা এই বৃহৎ ভোটাৰ বিসংগতি সংঘটিত হোৱা ঘৰটো বাংগালুৰু চেন্ট্রেল লোকসভা সমষ্টিৰ অন্তৰ্গত মুনি ৰেঙী গার্ডেনত অৱস্থিত। ঘৰটোৰ নম্বৰ হৈছে ৩৫। এই ক্ষুদ্ৰ ঘৰটোৰে ৮০ জন ভোটাৰৰ নাম ভোটাৰ তালিকাত থকা বুলি কালি ৰাহুলে অভিযোগ উত্থাপন কৰে।

বিগত ২০২৪ৰ লোকসভা নির্বাচনত ব্যাপক ভোটাৰ জালিয়াতিৰ অভিযোগৰ প্ৰমাণৰূপে তেওঁ এই ঘৰটোৰ ৮০ ভোটাৰৰ কথা উল্লেখ কৰে। গতিকে এই বিশেষ ঘৰ সম্প্রতি দেশজুৰি চৰ্চাৰ বিষয়ত পৰিণত হৈছে। অৱশ্যে বর্তমানে ঘৰটোত ভাড়াতীয়াৰূপে থকা পশ্চিমবংগৰ দীপাংকৰ নামৰ লোকজনে এই ৮০ জন লোকৰ স’তে তেওঁৰ সম্পৰ্ক নাই বুলি প্রকাশ কৰিছে। ‘ফুড ডেলিভাৰী’ৰ কাম কৰি জীৱিকা অৰ্জন কৰা দীপাংকৰে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি ঘৰটোৰ গৰাকী হৈছে জয়ৰাম ৰেড্ডী। ৰেড্ডী বিজেপি সমর্থক।

এই কথা নিজেই প্রকাশ কৰি তেওঁ জানিবলৈ দিয়া মতে তেওঁৰ এই ঘৰত ভাড়াত থকা পূৰ্বৰ বহু লোকে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰে। তেওঁলোকে ঠিকনাৰূপে তেওঁৰ ভাড়াঘৰৰ ঠিকনা ব্যৱহাৰ কৰে। নিৰ্বাচনৰ সময়ত ইয়াৰে একাংশই ভোট দিবলৈ আহে বুলিও ৰেড্ডীয়ে স্বীকাৰ কৰিছে। লগতে তেওঁ এই কথাও স্বীকাৰ কৰিছে যে এই ভোটাৰ বিসংগতিৰ বিষয়ে তেওঁ নির্বাচন আয়োগক জনোৱা নাছিল। এই সম্পর্কত তেওঁ লগতে এই কথাও নিশ্চিতি দিয়ে যে তেওঁৰ এই ভাড়াঘৰৰ ঠিকনাৰ পৰা ৮০ জন লোকৰ নাম ভোটাৰ তালিকাত আছে।

স্বাভাৱিকতে এটা কোঠালি সদৃশ এই ক্ষুদ্ৰ ঘৰত ৮০ জন লোকে বাস কৰিব নোৱাৰে। এই লোকসকল কর্ণাটকৰ বিভিন্ন জিলা আৰু ওড়িছা, বিহাৰ আদিৰ। ইয়াৰে একাংশই নির্বাচনত ভোট দিবলৈ আহে। আনহাতে, ভোটাৰ তালিকাৰ বৃহৎ বিসংগতি সম্পর্কত স্থানীয় বুথ পৰ্যায়ৰ বিষয়া (বিএলঅ’) মুনিৰত্নাই কয় যে বাংগালুৰুৰ তথ্য-প্রযুক্তি পথৰ কাষৰ সৰু সৰু ঘৰবোৰ ভাড়া কৰি বাস কৰা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে ভোটাৰ পৰিচয়পত্ৰ উলিয়াবলৈ ঘৰ ভাড়াৰ চুক্তিপত্ৰ ব্যৱহাৰ কৰে।

এনে লোকসকলৰ অধিকাংশই সাধাৰণতে চাকৰি প্ৰত্যাশী অথবা ব্যক্তিগত সংস্থাৰ সুৰক্ষা কৰ্মী, ৰন্ধন কর্মী অথবা ঘৰুৱা বনকৰা লোক হয়। ভোটাৰ পৰিচয়পত্র লাভ কৰাৰ পাছত এনে লোকে ভাড়াঘৰ ত্যাগ কৰে; কিন্তু তেওঁলোকৰ নাম সেই ভাড়াঘৰৰ ঠিকনাতে ভোটাৰ তালিকাত অন্তর্ভুক্ত হৈ থাকে। বিএলঅ’জনে লগতে দাবী কৰে যে এনে ভাড়াঘৰৰ পৰা আঁতৰি যোৱা ভোটাৰসকলৰ বিষয়ে নির্বাচন আয়োগক তথ্য যোগান ধৰা হয়।

তৎসত্ত্বেও প্রক্রিয়াগত প্রট’কলৰ বাবে এনে ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ কাম বাকী আছে বুলি মুনিৰত্নাই দাবী কৰে। তেওঁ লগতে কয় যে এনে একাংশ ভোটাৰে ভোটাৰ পৰিচয়পত্ৰৰ  প্ৰয়োজনীয়তাৰ অজুহাত দি নিজৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ নিবিচাৰে। ইয়াৰে একাংশই ভোটদান কৰিবলৈ আহে।

উল্লেখ্য যে  সংবাদমেলত কংগ্ৰেছ নেতা ৰাহুলে অভিযোগ উত্থাপন কৰে যে বাংগালুৰু চেন্ট্রেল লোকসভা সমষ্টিৰ অন্তৰ্গত মহাদেৱপুৰা বিধানসভা সমষ্টিৰ মুঠ ৬.৫ লাখ ভোটাৰৰ এক লক্ষাধিক ভোটাৰ ভুৱা। বিগত ২০২৪ৰ লোকসভা নির্বাচনত বাংগালুৰু চেন্ট্রেল সমষ্টিৰ অধিকাংশ বিধানসভা সমষ্টিতে কংগ্রেছ প্রার্থীজনে জয়লাভ কৰাৰ বিপৰীতে একমাত্র মহাদেৱপুৰাতহে পৰাজয়বৰণ কৰে। ফলত লোকসভা সমষ্টিটোৰ বিজেপি প্রার্থীজন জয়ী হয়।

সমষ্টিটোৰ কংগ্ৰেছ প্রার্থীজন পৰাজয় হোৱাৰ কাৰণ নির্বাচন আয়োগৰ জৰিয়তে মহাদেৱপুৰা বিধানসভা সমষ্টিত লক্ষাধিক ভোটাৰ জালিয়াতি সংঘটিত হোৱা বুলি তেওঁ অভিযোগ উত্থাপন কৰে। অৱশ্যে ৰাহুলৰ এই অভিযোগ খণ্ডন কৰি নিৰ্বাচন আয়োগে তেওঁক অভিযোগ সম্বলিত এক স্বাক্ষৰযুক্ত শপতনামা দাখিল কৰিবলৈ প্ৰত্যাহ্বান জনায়। লগতে কিয় অভিযোগ দাখিল কৰা নাই বুলিও কংগ্রেছ নেতাজনক আয়োগে প্রশ্ন কৰে।

বৃহস্পতিবাৰৰ পৰা নিৰ্বাচন আয়োগ আৰু শাসকীয় বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি অহা কংগ্ৰেছ নেতা ৰাহুল শুকু্ৰবাৰে এই প্রসংগত সৰৱ হয়। আনকি  তেওঁ অভিযোগ উত্থাপন কৰে যে বিগত ২০২৪ৰ লোকসভা নির্বাচনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে দেশৰ সংবিধানত এক আক্রমণ সংঘটিত কৰে। বিগত লোকসভা নির্বাচনত দেশৰ সাংবিধানিক প্রতিষ্ঠানসমূহক দুৰ্বল কৰি বিজেপিয়ে ভোটাৰৰ অধিকাৰত আক্ৰমণ সংঘটিত কৰে বুলিও তেওঁ ক্ষোভ প্রকাশ কৰে। লোকসভাৰ বিৰোধী দলপতিৰূপেও কার্যনির্বাহ কৰি থকা কংগ্ৰেছ নেতাজনে আৰু কয়, ‘এজন ভোটাৰক এটা ভোটৰ অধিকাৰ প্ৰদান কৰা দেশৰ সংবিধানক আমি বিগত নির্বাচনসমূহত সুৰক্ষা দিছিলো। বিগত নিৰ্বাচনত ভাৰতৰ সাংবিধানিক প্রতিষ্ঠানসমূহক দুৰ্বল কৰি বিজেপিয়ে এই অধিকাৰত আক্ৰমণ কৰে।

যোৱা লোকসভা নির্বাচনত আমাৰ মৰ্চা জয়ী হৈছিল; কিন্তু চাৰি মাহৰ পাছত মহাৰাষ্ট্ৰত বিজেপি জয়ী হ’ল। এই আশ্চৰ্যকৰ ফলাফলে আমাক অনুসন্ধান চলাবলৈ বাধ্য কৰিলে। অনুসন্ধানত আমি পাওঁ যে এক কোটি নতুন ভোটাৰে ভোটদান কৰিলে। য’তে এই নতুন ভোটাৰসকলে ভুমুকি মাৰিলে তাতে বিজেপি জয়ী হ’ল।’ ৰাহুলে লগতে দাবী কৰে যে কালিৰ সংবাদমেলত তেওঁ নির্বাচন আয়োগ আৰু বিজেপিয়ে ভোট চুৰি কৰাৰ এশ শতাংশ প্রমাণ দিবলৈ সক্ষম হ’ল।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি বিগত লোকসভা নিৰ্বাচনৰ পৰা ভোট চুৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰাৰ পাছতে নির্বাচন আয়োগে নিজৰ ৱেবছাইট বন্ধ কৰা বুলি চর্চা হৈছে। ইয়াক লৈ সৰৱ হৈ উঠি ৰাহুলে কয়, ‘আমাৰ তথ্যৰ ভিত্তিত মানুহে নির্বাচন আয়োগক প্রশ্ন কৰিবলৈ ধৰাত আয়োগে ৱেবছাইট বন্ধ কৰিছে। নির্বাচন আয়োগৰ ৱেবছাইট মধ্য প্রদেশ, ৰাজস্থান আৰু বিহাৰত বন্ধ হৈছে।’

Exit mobile version