Two Flood In Uttarakhand :দুটা বানৰ পলসৰ ফলত সৃষ্টি হৈছিল পাংখা আকৃতিৰ ভূখণ্ড ধাৰলিগাঁও

uk

Two Flood In Uttarakhand :

পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ শেহতীয়া ভয়াৱহ প্রাকৃতিক দুর্যোগ মানৱসৃষ্ট আছিল নেকি? বিস্তৰ জন-ধনৰ ক্ষয়-ক্ষতি কৰা যোৱা মঙলবাৰে দুপৰীয়া সংঘটিত এই প্রাকৃতিক দুৰ্যোগৰ কাৰণ প্ৰথম অৱস্থাত ডাৱৰ বিস্ফোৰণ বুলি ধাৰণ কৰা হয় যদিও সময় অতিবাহিত হোৱাৰ লগে লগে এই ধাৰণা অমূলক হ’বলৈ ধৰে। কাৰণ বিশেষজ্ঞসকলে ব্যাখ্যা কৰে যে উক্ত দিনা উত্তৰ কাশীত মাথোঁ ২৭ মিলিমিটাৰ বৰষুণহে হৈছিল।

এনে কম পৰিমাণৰ বৰষুণে ডাৱৰ বিস্ফোৰণ ঘটাব নোৱাৰে বুলি বিশেষজ্ঞসকলে মতপোষণ কৰে। ফলত ভয়াবহ প্রাকৃতিক দুর্যোগটোৰ প্ৰকৃত কাৰণক লৈ অধ্যয়ন আৰম্ভ হয়। দুর্যোগটোৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’) ৰো সহায় বিচাৰে। সেই মর্মে ইছৰ’ৱে যোগান ধৰা কৃত্রিম উপগ্ৰহীয় ফটোৱে ইংগিত দিছে যে এই দুৰ্যোগৰ অন্যতম কাৰণ বর্ধিত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱো হ’ব পাৰে।

যিহেতু জলবায়ু পৰিৱৰ্তন মানুহৰ কেতবোৰ ক্ষতিকাৰক কাম-কাজৰ বাবে ঘটিছে। গতিকে উত্তৰ কাশীৰ এই দুর্যোগ মানৱসৃষ্ট হোৱাৰ সম্ভাৱনাও প্ৰৱল হৈছে। ইয়াৰ সমান্তৰালভাৱে চৰ্চিত হৈছে এই দুর্যোগত তচনচ হোৱা ধাৰলিগাঁৱৰ একক ভূতত্ত্বৰ দিশটোও। বিশেষজ্ঞসকলে ইংগিত দিছে যে এই একক ভূতত্ত্ব আৰু জলবায়ু পৰিৱৰ্তনৰ বৰ্ধিত প্ৰভাৱক দুর্যোগটোৰ বাবে দায়ী কৰিব পাৰি।

এক বিশদ প্রতিবেদন অনুসৰি ধাৰলিগাঁও এক পলসৰ পাংখাত অৱস্থিত। এই ভূমি শংকু আকৃতিৰ। ক্ষীৰ গংগা আৰু ভাগিৰথী নৈৰ মিলনস্থলীত পূৰ্বৰ দুটা বানৰ ফলত জমা হোৱা ধ্বংসস্তূপে এই শংকু আকৃতিৰ ভূখণ্ডৰ সৃষ্টি কৰে। কালক্ৰমত এই ভূখণ্ডত গাঁওখন গঢ়ি উঠে। গতিকে গাঁওখন পলসৰ পাংখাত অৱস্থিত বুলি বিশেষজ্ঞসকলে আখ্যা দিছে।

যোৱা মঙলবাৰৰ ভয়াৱহ প্রাকৃতিক দুর্যোগত গাঁওখন সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয়। ফলত কমেও পাঁচজন লোকৰ প্ৰাণহানি ঘটাৰ লগতে তিনি শতাধিক লোক সন্ধানহীন হয়। ইতিমধ্যে অধিকাংশ সন্ধানহীন লোকক উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ কৰিছে। অৱশ্যে বর্তমানেও অর্ধ-শতাধিক সন্ধানহীন হৈ আছে বুলি সূত্রই জনায়।

লক্ষ্যণীয় যে ধাৰলিগাঁও ক্ষীৰ গংগা নৈৰ পৰা মাথোঁ দুশ মিটাৰ নিলগতহে অৱস্থিত। তৎসত্ত্বেও বিগত সময়ত গাঁওখনত ব্যাপক হাৰত বাণিজ্যিক উন্নয়নমূলক কাম কৰা হয়। অথচ গাঁওখনৰ ভূখণ্ড অস্থিৰ। গতিকে গাঁওখন অধিক স্পৰ্শকাতৰ স্থানত পৰিণত হয়। এই দিশ সংশ্লিষ্টসকলে আওকাণ কৰি অহাৰ পৰিণতি যোৱা মঙলবাৰে দুপৰীয়া দেখা গ’ল বুলি চর্চা হৈছে।

আনহাতে, এই প্রাকৃতিক দুৰ্যোগৰ ফলত সৃষ্ট ভূস্খলনৰ কাৰণো সম্প্ৰতি একাংশ বিশেষজ্ঞই ব্যাখ্যা কৰিছে। বিশেষজ্ঞৰ মতে এক পুনৰ সক্রিয়কৃত ভূস্খলনৰ ফলত উক্ত দিনা ব্যাপক বোকাৰ খহনীয়া হয়। এই সম্পর্কত এজন হিমবাহ বিশেষজ্ঞই কয় যে ধাৰলিগাঁৱৰ পৰা দুই কিলোমিটাৰ দূৰত্বৰ এক ওখ স্থানত পূর্বে এক ভূস্খলন সংঘটিত হৈছিল।

যোৱা মঙলবাৰে এই ভূস্খলন পুনৰ সংঘটিত হ’ব পাৰে বুলি হিমবাহ বিশেষজ্ঞজনে মন্তব্য কৰিছে। আনহাতে, এই ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ কাৰণ এটা হিমবাহৰ হ্ৰদ ফাটি যোৱাৰ ফলতো হ’ব পাৰে বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে। কৃত্রিম উপগ্রহই তোলা ফটো আৰু অঞ্চলটোৰ ভূমিৰ গাঁথনি বিশ্লেষণ কৰি একাংশ হিমবাহ বিশেষজ্ঞই মন্তব্য কৰিছে যে ধাৰলিগাঁৱৰ ওপৰত দুটা প্রকাণ্ড হিমবাহ অৱস্থিত। উক্ত দিনা এই হিমবাহৰ পানীৰ গলন দ্রুততাৰে বৃদ্ধি পাব পাৰে বুলিও এই হিমবাহ বিশেষজ্ঞসকলে ক’ব বিচাৰে।

যদি সেয়াই হৈছিল তেন্তে এই হিমবাহ দুটাৰ তলত অৱস্থিত সাতটা সৰু সৰু হ্রদ পানীৰে উপচি পৰে। বিশেষজ্ঞসকলৰ মতে উষ্ণতা বৃদ্ধিৰ ফলত এই হ্রদসমূহৰ কোনোবা এটা ফাটি পৰিব পাৰে। ফলত তীব্র গতিত পানী বাগৰি আহি পাহাৰৰ শিল, মাটি আদি তললৈ খহাই আনে। লগতে নামনি অঞ্চলত থকা ধ্বংসস্তূপো এই পানীয়ে উটুৱাই আনে। ইয়াৰ ফলত দুর্যোগটোৰ ক্ষয়-ক্ষতিৰ পৰিমাণ বৃহৎ হয়।

ইপিনে, ইছৰ’ৰ উপগ্ৰহই তোলা ফটো বিশ্লেষণ কৰি দুৰ্যোগটোৰ ফলত সৃষ্ট ধ্বংসৰ মাত্রা দেখিবলৈ পোৱা গৈছে। এই ফটোত দুৰ্যোগটোৰ পূৰ্বে আৰু পাছত ধাৰলিগাঁৱৰ অৱস্থা দেখা গৈছে। যোৱা সাত আগষ্টত তোলা ফটোত দুৰ্যোগৰ পাছত ভাগিৰথী আৰু ক্ষীৰ গংগা নৈৰ ওচৰত কাষত পলস আৰু বোকাৰ বিশাল স্তৰ দেখা গৈছে।

এই দুৰ্যোগৰ কাৰণৰ আন এক তথা তৃতীয় এটা ব্যাখ্যাও কৰা হৈছে। এজন বিজ্ঞানীৰ মতে, প্রায় ৫,৭০০ মিটাৰ উচ্চতাৰ এখন পৰ্বতৰ শৃংগই সেমেকা ডাৱৰ চলাচলত বাধা দিব পাৰে। ফলত ডাৱৰ অধিক ডাঠ হ’বলৈ ধৰে আৰু ফলত পাহাৰীয়া ওখ অঞ্চলবোৰত বৰফৰ পৰিৱৰ্তে প্ৰৱল বৰষুণ হ’ব পাৰে। বিজ্ঞানীজনৰ মতে, এই বৰষুণে ক্ষীৰ গংগা নৈ, হর্ষিল আৰু সুখীৰ শীৰ্ষ উচ্চতাত বানৰ সৃষ্টি কৰিব পাৰে। এই ব্যাখ্যাই হিমবাহ ফাটি দুর্যোগটোৰ সৃষ্টিৰ ব্যাখ্যাক প্ৰত্যাহ্বান জনাইছে। গতিকে উত্তৰ কাশীৰ শেহতীয়া এই প্রাকৃতিক দুৰ্যোগৰ প্ৰকৃত কাৰণ আজিও নিশ্চিত হোৱা নাই।

Exit mobile version