গাজা দখলৰ সিদ্ধান্তৰ বিৰুদ্ধে একত্ৰিত ২০ খন মুছলমান দেশ !

Gaza

Gaza:✒️ইজৰাইলৰ কেবিনেটে গাজা দখল কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছে। সেই অনুসৰি প্ৰস্তুতি আৰম্ভ কৰিছে ইহুদী সেনাই । এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

এই বিষয়ত ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হৈছে ২০খন মুছলমান দেশ।মুছলমান দেশসমূহে এই পদক্ষেপক ‘বিপজ্জনক আৰু উচটনিমূলক’ বুলি মন্তব্য কৰিছে।

এই তালিকাত ইজিপ্ত, চৌদি আৰব, তুৰস্ক, কাটাৰ, জৰ্ডান আদি দেশসমূহ অন্তৰ্ভুক্ত আছে। সৰৱ হৈছে ৰাষ্ট্ৰসংঘইও।ইজৰাইলৰ এই পদক্ষেপৰ বিৰুদ্ধে কমেও ২০খন দেশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ইজৰাইলৰ এই পদক্ষেপৰ বিৰুদ্ধে কমেও ২০খন দেশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুছলমান দেশসমূহে নেতানিয়াহুক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

দেশসমূহে এক যৌথ বিবৃতি প্ৰকাশ কৰি কয় যে,এই পদক্ষেপ আন্তঃৰাষ্ট্ৰীয় বৈধতাৰ বিৰুদ্ধে একপক্ষীয় পদক্ষেপ।এয়া কেৱল আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰাই নহয়, অবৈধ দখলক বৈধতা প্ৰদানৰ অন্যায় প্ৰচেষ্টাও।

ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ স’তে বৈঠকত মিলিত হোৱাৰ পাছত তুৰ্কীৰ বৈদেশিক মন্ত্ৰী হাকান ফিডানে কয় যে মুছলমান দেশসমূহে এই জঘন্য পৰিকল্পনাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক একত্ৰিত কৰিব লাগে।ইছলামিক সহযোগিতা সংস্থাৰ জৰুৰী বৈঠকৰো আহ্বান জনায়।

আনহাতে ইজিপ্ত আৰু চৌদি আৰবে এই পৰিকল্পনাক পেলেষ্টাইনীসকলক স্থানচ্যুত কৰাৰ প্ৰয়াস বুলি অভিহিত কৰিছে। ছৌদি আৰবে এই ঘটনাক গৰিহণা দি কয় যে পেলেষ্টাইনক ৰাষ্ট্ৰৰ অধিকাৰ প্ৰদান নকৰাকৈ ইজৰাইলৰ স’তে সম্পৰ্ক স্বাভাৱিক কৰাটো সম্ভৱ নহয়।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে এই পৰিকল্পনাক অতি বিপজ্জনক বুলি অভিহিত কৰি কয় যে এই পদক্ষেপে গাজাৰ মানৱীয় সংকট আৰু ভয়াৱহ কৰি তুলিব, পণবন্দীসকলৰ জীৱন বিপন্ন কৰিব আৰু বৃহৎ সংখ্যক লোকক স্থানচ্যুত কৰিব।

উল্লেখ্য যে,যোৱা আঠ আগষ্টত ইজৰাইলৰ নিৰাপত্তা মন্ত্ৰীসভাই গাজা দখল কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছিল। যাৰ জৰিয়তে ইজৰাইলৰ সেনাই গাজা দখল কৰিব।

ইজৰাইলে দাবী কৰিছে যে হামাছৰ উগ্ৰপন্থীয়ে তাত থকা আটাইতকৈ ডাঙৰ চহৰখনত ঘাটি স্থাপন কৰিছে, যিখন চহৰক হামাছৰ নেতাগৰাকীৰ ৰাজধানী বুলি গণ্য কৰা হয়।

ইজৰাইলে জনাইছে, গাজা দখল কৰি হামাছক সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হ’ব। এই বিষয়ত নেতানিয়াহুৱে কয় যে, ‘আমি গাজা দখল নকৰো, আমাৰ মূল লক্ষ্য হৈছে গাজাৰ পৰা হামাছক নিৰ্মূল কৰি শান্তিপূৰ্ণ অসামৰিক চৰকাৰ গঠন কৰা।’

Exit mobile version