যমদূত যান-জঁট! মুম্বাইৰ পথত বেদনাদায়ক যন্ত্ৰণাত এম্বুলেন্সতে মৃত্যু মহিলাৰ

ambulence cover

Maharashtra Woman:✒️মুম্বাইৰ পথত যান-জঁটত আৱদ্ধ এম্বুলেন্সত প্ৰাণ গ’ল এগৰাকী মহিলাৰ।পালঘৰ জিলাৰ বাসিন্দা ছায়া পূৰৱী (৪৯) নামৰ এগৰাকী মহিলাৰ মূৰত গছৰ ডাল পৰি গুৰুতৰভাৱে আহত হয়।

ততাতৈয়াকৈ তেওঁক এম্বুলেন্সলৈ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মহিলাগৰাকীৰ বাটতে মৃত্যু হয়।

এই ঘটনাই ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ যানজঁট আৰু পালঘৰ জিলাৰ স্বাস্থ্য আন্তঃগাঁথনিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ঘটনাটো বিগত ৩১ জুলাইৰ।পালঘৰৰ মুখাৰ্জী নগৰৰ ঘৰৰ সমীপত গছৰ ডাল পৰি ছায়া গুৰুতৰভাৱে আহত হয়। ততাতৈয়াকৈ তেওঁক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

তাত কোনো ট্ৰমা চেণ্টাৰ নথকাত মহিলাগৰাকীক মুম্বাইৰ হিন্দুজা হাস্পতাললৈ স্থানান্তৰ কৰা হয় । সাধাৰণতে ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পালঘৰ মুখাৰ্জী নগৰৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত থকা হিন্দুজা হাস্পতাললৈ যাবলৈ আঢ়ৈ ঘণ্টা সময় লাগে ।

ছায়াক এনাস্থেচিয়া বেজী দি বিয়লি প্ৰায় তিনি বজাত এম্বুলেন্সখন ৰাওনা হয়। তেওঁৰ লগত আছিল তেওঁৰ স্বামী কৌশিক। অৱশ্যে কিছু সময়ৰ পাছতে যান-জঁটৰ বাবে এম্বুলেন্সখন থমকি ৰ’বলগীয়া হয়।

অৱশেষত তিনি ঘণ্টাৰ অন্তত সন্ধিয়া ছয় বজাত কোনোমতে চালকজনে আধা ৰাস্তা পাৰ হ’বলৈ সক্ষম হয়। এটা সময়ত বিষনাশক বেজীৰ প্ৰভাৱ শেষ হৈ গ’ল।

ছায়াই বিষত চিঞৰি থাকিল যদিও ভিৰৰ বাবে এম্বুলেন্সখন আগবাঢ়ি যাব পৰা নাছিল।

অৱস্থাৰ অৱনতি ঘটা বুলি উপলব্ধি কৰি ছায়াক হিন্দুজা হাস্পতালৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ মীৰা ৰোডৰ অৰ্বিট হাস্পতাললৈ লৈ যোৱা হয়। তেতিয়ালৈকে সন্ধিয়া সাত বাজিছিল। অৱশ্যে মহিলাগৰকীক বচাব পৰা নগ’ল। চিকিৎসকে ইতিমধ্যেই ছয়া পূৰৱীৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ।

ছায়াৰ স্বামী কৌশিকে কয়, আধা ঘণ্টা আগতে হস্পিতাল উপস্থিত হোৱা হয় মোৰ পত্নী বাচি গ’লহেঁতেন। ছায়াই মোৰ চকুৰ সন্মুখতে চাৰি ঘণ্টা ধৰি যন্ত্ৰণাত ভুগি আছিল। মোক বাৰে বাৰে চিকিৎসালয়লৈ লৈ যাবলৈ অনুৰোধ কৰি থাকিল, বছোৱা ।কিন্তু আমাৰ এম্বুলেন্সখন ভয়ংকৰ যান-জঁটত আবদ্ধ হৈ পৰিল। যান-বাহন আইন উলংঘা কৰি বিপৰীত দিশৰ পৰা গাড়ীও আহিছিল। ফলত আৰু অধিক বৃদ্ধি পালে যান-জঁট।

Exit mobile version