Dibrugarh Murder Incident Update:
অৱশেষত আৰক্ষীয়ে জব্দ কৰিলে ডিব্ৰুগড়ৰ ব্যৱসায়ী উত্তম গগৈ ওৰফে চেংকাইক হত্যাৰ বাবে ক্ৰয় কৰা পিষ্টলটো। দুদিন পূৰ্বে বৰবৰুৱা আৰক্ষীয়ে ঘৰ্ঘৰা চিনামৰা গাঁৱৰ পৰা চাৰি জাঁই সক্রিয় গুলি জব্দ কৰিছিল। ভাড়াতীয়া ঘাতক দ্বীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্রই এটা পিষ্টলসহ ছয় জাঁই গুলি ক্ৰয় কৰিছিল। ইয়াৰে এটা গুলি বগীবিলত ফুটাইছিল আৰু এটা গুলি উদ্ধাৰ কৰিব পৰা নাছিল।
ইফালে, পুনৰ চাৰিদিনৰ বাবে আৰক্ষীয়ে পত্নী ববী সোণোৱাল গগৈ আৰু ভাড়াতীয়া অভিযুক্ত ঘাতক দ্বীপজ্যোতি বুঢ়াগোহাঁইক জিম্মাত লৈ তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালভাৱে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টলটো বিচাৰি চলাইছিল অভিযান। অৱশেষত বৰবৰুৱা আৰক্ষীয়ে বগীবিল আৰক্ষীৰ সহযোগত অভিযান চলাই বগীবিল নাহৰণিৰ অৰুণ গগৈৰ বাসগৃহৰ পৰা পিষ্টলটো জব্দ কৰিবলৈ সক্ষম হয়। অৰুণ গগৈৰ বাসগৃহত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে পিষ্টলটো উদ্ধাৰ কৰে। প্ৰাথমিক তদন্ত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, ৬৫ হেজাৰ টকাৰে মাৰণাস্ত্ৰটো নগালেণ্ডৰ সীমান্তৰ পৰা ক্ৰয় কৰিছিল ধৃতই।
ইফালে, দ্বীপজ্যোতিৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰবৰুৱা আৰক্ষীয়ে পাঁচ আগষ্টত জামিৰাৰ ঘৰ্ঘৰা চিনা টুকুৰা গাঁৱৰ পৰা চাৰি জাঁই সক্রিয় পিষ্টলৰ গুলি উদ্ধাৰ কৰিছিল। ইফালে ইয়াৰে এটা গুলি দ্বীপজ্যোতি আৰু গৌৰাংগই বগীবিলত ফুটাইছিল; কিন্তু মাৰণাস্ত্ৰটোৰ গুলিৰ লগতে পিষ্টলটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী।
উল্লেখ্য যে যোৱা ২৫ জুলাইত মাজনিশা শুই থকা অৱস্থাত উত্তম গগৈ ওৰফে চেংকাইক দুডাল লোহাৰ ৰডৰে হত্যা কৰি এএছ-০১ ইজি-৯০৭৮ নম্বৰৰ ৰঙা আই ১০ বাহনেৰে দুলীয়া কাকতি গাঁৱত ববী গগৈ মাতৃগৃহত থৈ আহিছিল দ্বীপজ্যোতি আৰু গৌৰাংগই। উত্তম গগৈৰ পত্নী ববী সোনোৱাল গগৈ আৰু কন্যাৰ প্ৰেমিক দিব্যজ্যোতি বুঢ়াগোহাঁই আৰু ভাড়াতীয়া ঘাতক গৌৰাংগ পাত্রসহ কন্যা নৱমল্লিকাক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছিল।
আনহাতে, ববী আৰু দ্বীপজ্যোতিৰ আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰিব। ইফালে, চেংকাইৰ একমাত্ৰ সন্তানৰ আজি জন্মদিন। খুড়ায়েকৰ স’তে থাকে চেংকাইৰ একমাত্র সন্তান। স্থানীয় ৰাইজে সমজুৱাকৈ চেংকাইৰ সন্তানটিৰ জন্মদিন উদযাপন কৰে।
