গাজাত ‘গণহত্যা’ চলিছে, নীৰৱ ভাৰত !

অভিযোগ প্ৰিয়ংকাৰ, কংগ্রেছ নেত্রীৰ বক্তব্যক অস্বীকাৰ ইজৰাইলৰ

priyanka cover

Priyanka Gandhi:✒️গাজাত ‘গণহত্যা’ চলিছে! মঙলবাৰে এনে অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে। এই হত্যাকাণ্ডৰ বাবে ইজৰাইলক জগৰীয়া কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

কেৱল সেয়াই নহয়, গাজাত ইজৰাইলৰ আক্ৰমণ আৰু শ শ পেলেষ্টাইনীৰ মৃত্যুক লৈ ভাৰত চৰকাৰ ‘মৌন’ বুলিও অভিযোগ কৰে।

গাজাত ইজৰাইলৰ আক্ৰমণত পাঁচজন সাংবাদিকৰ মৃত্যু পোহৰলৈ অহাৰ পাছৰে পৰা বিশ্ব কূটনৈতিক মহলত আলোচনা আৰম্ভ হৈছে।

সেই বিষয়টো উল্লেখ কৰি প্ৰিয়ংকাই ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট কৰে। তেওঁ লিখিছে, “আল জাজিৰাৰ পাঁচজন সাংবাদিকক হত্যা কৰাটো পেলেষ্টাইনৰ মাটিত আন এক জঘন্য অপৰাধ।”

কংগ্ৰেছ নেত্ৰীগৰাকীৰ আক্ৰমণ, “যিখন পৃথিৱীত বেছিভাগ সংবাদ মাধ্যম ক্ষমতা আৰু বাণিজ্যৰ দাসত্বত আবদ্ধ হৈ আছে, সেইখন পৃথিৱীত এই সাহসী লোকসকলে আমাক সোঁৱৰাই দিছে যে প্ৰকৃত সাংবাদিকতা কি! মৃত সাংবাদিকসকলৰ কাম আৰু সাহসক প্ৰণাম।”

প্ৰিয়ংকাই কেৱল এটা পোষ্টেই নহয়, গাজা, গাজাৰ পৰিস্থিতি, ইজৰাইলৰ আক্ৰমণ আৰু ভাৰতৰ স্থিতিৰ ওপৰত কেবাটাও পোষ্ট দিয়ে। তেওঁ অভিযোগ কৰে যে, “ইজৰাইলে গণহত্যা সংঘটিত কৰিছে। তেওঁলোকে ৬০ হাজাৰতকৈ অধিক লোকক হত্যা কৰিছে, ইয়াৰে ১৮,৪৩০ জন শিশু আছিল।লগতে শ শ লোক অনাহাৰে মৃত্যুমুখত পৰিছে। লাখ লাখ লোক পুষ্টিহীনতা আৰু অনাহাৰে ভুগিছে।”

গাজাৰ পৰিস্থিতি সন্দৰ্ভত ভাৰত চৰকাৰৰ স্থিতিক গৰিহণা দিছে প্ৰিয়ংকাই।তেওঁ দাবী কৰে যে, “পেলেষ্টাইনীসকলৰ ধ্বংস হোৱাৰ সময়ত ভাৰত চৰকাৰে মৌনতা অৱলম্বন কৰাটো লজ্জাজনক।” কংগ্ৰেছ নেতাগৰাকীয়ে আৰু দাবী কৰে যে মৌনতাৰ জৰিয়তে এনে অপৰাধক শক্তিশালী কৰাটোও অপৰাধ!

প্ৰিয়ংকাৰ এক্স-পোষ্টক লৈ এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই ভাৰত চৰকাৰে। অৱশ্যে ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰেউভেন আজাৰে কংগ্ৰেছ নেতাগৰাকীৰ এই বক্তব্যক গৰিহণা দিছে। তেওঁ দাবী কৰে যে ইজৰাইলে ২৫ হাজাৰতকৈ অধিক হামাছৰ সমৰ্থকক হত্যা কৰিছে।

ৰিউভেনে হামাছৰ নেতাসকলে সাধাৰণ মানুহৰ চকুৰ আঁৰত লুকাই থকাৰ ঘৃণনীয় কৌশল ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অনাহৰ বা গাজাৰ অৱৰোধৰ অভিযোগ অস্বীকাৰ কৰে।

তেওঁ দাবী কৰে যে, “ইজৰাইলে গাজাক ২০ লাখ টন খাদ্য যোগান ধৰিছে। কিন্তু হামাছে সেই সকলো খাদ্য আৰু মানৱীয় সাহায্য বন্ধ কৰি ৰাখিছে, যাৰ ফলত গাজাত অনাহাৰে মৃত্যুমুখত পৰিছে।ৰিউভেনে কয় যে বিগত ৫০ বছৰত গাজাৰ জনসংখ্যা ৪৫০ শতাংশ বৃদ্ধি পাইছে।তাত কোনো গণহত্যা হোৱা নাই।”

Exit mobile version