:✒️বলিউডত শোকৰ ছাঁ! এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী নাজিমাৰ দেহাৱসান। বলীউডৰ বহু ছবিৰ তেওঁ আছিল নিষ্ঠাবান ‘ভগ্নী’ বা ‘প্ৰিয় বন্ধু’ ।
বি-টাউনৰ সুপৰিচিত অভিনেত্ৰীগৰাকীৰ সোমবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ।নাজিমাই দুই পুত্ৰৰ স’তে মুম্বাইত বাস কৰিছিল।
শিশু শিল্পী হিচাপে অভিনয় যাত্ৰা আৰম্ভ কৰিছিল নাজিমাই। সেই সময়ত তেওঁৰ নাম আছিল বেবী চান্দ। তেওঁৰ প্ৰথমখন ছবিৰ নাম আছিল ‘দো বিঘা জমিন’।
