Ghagrapar:
সমাগত স্বাধীনতা দিৱসৰ প্রাকক্ষণত নলবাৰী জিলাৰ ঘগ্রাপাৰ ৰাজহ চক্রৰ অন্তৰ্গত নিজ-বড়িগোগ গাঁৱৰ এগৰাকী প্ৰতিভাৱান প্রচাৰ বিমুখ শিল্পী ললিত ৰাজবংশীৰ ৰচনা, কন্ঠ আৰু সুৰেৰে এটি গীত “ৰুদ্ধ কাৰাগাৰৰ” ।
শিল্পীগৰাকীৰ নিজগৃহত আজি এক গাম্ভীর্যপুৰ্ণ অনুষ্ঠানৰ জৰিয়তে শুভ মুক্তি কৰা হয় । ললিত ৰাজবংশীৰ বিপ্লৱীক গীতটি আনুষ্ঠানিকভাৱে শুভ মুক্তি কৰে বৃহত্তৰ নলবাৰী গণ সেৱা সংস্হাৰ সভাপতি নৱ কুমাৰ তালুকদাৰে। তালুকদাৰে নিজৰ ভাষণত প্রচাৰ বিমুখ শিল্পী ললিত ৰাজবংশী নৱ প্রজন্মৰ বাবে এক আদৰ্শ হোৱাৰ কামনা কৰাৰ লগতে আগন্তুক দিনত বৃহত্তৰ নলবাৰী গণ সেৱা সংস্থাই ললিত ৰাজবংশীৰ সৈতে থিয় হব বুলিও আশ্বাস দিয়ে।
যুৱ কৰ্মী মানবেন্দ্র হালৈয়ে আত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে সমাজকৰ্মী তথা সাংবাদিক জগত তালুকদাৰ, ঘগ্রাপাৰ মণ্ডল বিজেপিৰ উপ সভাপতি শ্যামন্ত শৰ্মা, সাংবাদিক দ্বিজেন ডেকা, ফইজুল হক চৌধুৰী,চাকলীন দ্বীপকে ধৰি ভালেসংখ্যক ৰাইজে অংশগ্রহণ কৰে।
উল্লেখ্য যে এসময়ৰ জনপ্ৰিয় ফুটবল.খেলুৱৈ,জাতীয়তাবাদী যুৱক,কৰ্মসূত্ৰে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিউৰিটি ললিত ৰাজবংশীৰ ৰচনা কন্ঠ আৰু সুৰেৰে এটি গীত আজি শুভ মুক্তি কৰা হয় জনতাৰ বাবে।
