Inauguration of Tiyak Equal District Office :টীয়ক সম জিলাৰ আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন মন্ত্ৰী অতুল বৰাৰ 

atul bora

Inauguration of Tiyak Co-District Office :

টীয়ক সম জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ আনুষ্ঠানিক ভাৱে মুকলি উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই। যোৰহাটৰ তিনিটা সমষ্টিৰ ভিতৰত নতুনকৈ সীমা নিৰ্ধাৰণ হোৱা টীয়ক সমষ্টিকলৈয়ো গঠন হ’ল টীয়ক সম জিলা।

আজি কেন্দুগুৰিৰ আইলামূখীয়াত নিৰ্মাণ কৰা টীয়ক সম জিলাৰ আয়ুক্তৰ কাৰ্যালয় মন্ত্ৰী অতুল বৰাই আনুষ্ঠানিক ভাৱে ফিটা কাটি আয়ুক্তৰ কাৰ্যালয়ৰ তথা টীয়ক সমজিলা উদ্বোধন কৰে। যোৰহাটৰ অতিৰিক্ত আয়ুক্ত মগেন নৰহক সম জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব অৰ্পণ কৰে ।

সম জিলা গঠনে সমষ্টিটোৰ ৰাইজৰ বিভিন্ন কাম সহজে আৰু সমস্যাৰ সোনকালে সমাধান হব বুলি ব্যক্ত কৰিছে আয়ুক্ত মগেন নৰহে।।

Exit mobile version