US: ✒️আমেৰিকাৰ গুৰদ্বাৰাৰ সমীপত এজন জেষ্ঠ শিখক গ’ল্ফ বেটেৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন যুৱকৰ বিৰুদ্ধে।
প্ৰাপ্ত তথ্য অনুসৰি,প্ৰহাৰৰ ফলত তেওঁৰ মুখৰ হাড় ভঙাৰ লগতে মগজুত ৰক্তক্ষৰণ হৈছে।
ভুক্তভোগীৰ নাম হৰিপাল সিং। তেওঁৰ বয়স ৭০ বছৰ। তেওঁ লছ এঞ্জেলছৰ বাসিন্দা। প্ৰতিদিনে পুৱা তেওঁ নৰ্থ হলিউডৰ গুৰদ্বাৰাৰ ওচৰত মৰ্নিং ৱাক কৰিবলৈ যায়।
কিন্তু যোৱা সপ্তাহত হঠাতে তেওঁক এজন যুৱকেবআক্ৰমণ কৰিছিল।অভিযোগ অনুসৰি, তেওঁক গ’ল্ফ বেটেৰে গুৰুতৰভাৱে প্ৰহাৰ কৰা হৈছিল।
আক্ৰমণৰ পাছতেই অভিযুক্তই পলায়ন কৰে। গুৰুতৰভাৱে আহত অৱস্থাত লোকজনক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
বৰ্তমান তেওঁ তাত চিকিৎসাধীন হৈ আছে। পৰিয়ালৰ সূত্ৰ অনুসৰি তেওঁৰ মূৰৰ লগতে শৰীৰৰ বিভিন্ন অংশত একাধিক চিলাই আৰু অস্ত্ৰোপচাৰ হৈছে।
কিন্তু তেওঁৰ ওপৰত আক্ৰমণৰ আঁৰৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
ধৃত ব্যক্তিজনৰ নাম বো ৰিচাৰ্ড ভিটাগ্লিয়ানো। তেওঁৰ বয়স ৪৪ বছৰ।
আৰক্ষীৰ এগৰাকী বিষয়াই কয়, ‘আমি ঘটনাৰ তদন্ত কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছো।সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে।ইয়াৰ উপৰিও যুৱকজনকো সোধা-পোছা কৰা হৈছে।
