মন্দিৰৰ পৰা উভতি অহাৰ সময়তে সংঘটিত ভয়ংকৰ দুৰ্ঘটনা! থিতাতে নিহত ১০ ,আহত বহু

rajasthan

Accident:✒️মন্দিৰৰ পৰা উভতি অহাৰ পথত ৰাজস্থানৰ দৌছা জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছ এখন ট্ৰাকৰ স’তে মুখামুখি সংঘৰ্ষত মৃত্যু হয় দহজন লোকৰ।

শোকাৱহ এই দুৰ্ঘটনাত কমেও ১২ জন তীৰ্থযাত্ৰী আহত হয়। আহত সকলক জয়পুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বুধবাৰে পুৱা এখন বাছত ৰাজস্থানৰ খাতু শ্যাম মন্দিৰত পূজা কৰি উভতি আহি থকা অৱস্থাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ স’তে মুখামুখি সংঘৰ্ষত লিপ্ত হয়।

সংঘৰ্ষৰ তীব্ৰতা ইমানেই আছিল যে বাছত থকা তিনিগৰাকী মহিলাসহ সাতটা শিশুৰ থিতাতে মৃত্যু হয়। ঘটনাৰ পাছতে স্থানীয় ৰাইজে উদ্ধাৰৰ অভিযান আৰম্ভ কৰে ।

ঘটনাৰ খবৰ পাইয়ে ঘটনাস্থলীত আহি উপস্থিত হয় আৰক্ষী। আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাৰ পৰা আহতসকলৰ অধিকাংশকে জয়পুৰলৈ প্ৰেৰণ কৰা হয়।

আনহাতে, আৰক্ষীয়ে জনোৱা মতে, নিহত আটাইকেইজনেই উত্তৰ প্ৰদেশৰ ইটাৱাৰ বাসিন্দা।

Exit mobile version