Rajasthan: ✒️ভাৰতত পুনৰ গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা! ৰাজস্থানৰ জয়ছালমেৰত চি আই ডিৰ জালত অভিযুক্ত। প্ৰাপ্ত তথ্য অনুসৰি, ধৃত অভিযুক্তৰ নাম মহেন্দ্ৰ প্ৰসাদ। বয়স ৩২ বছৰ।তেওঁ ডি আৰ ডি অ’ গেষ্ট হাউচত মেনেজাৰ হিচাপে কাম কৰি আছিল।
অভিযোগ, মহেন্দ্ৰ পাকিস্তানৰ চোৰাংচোৱাৰ স’তে নিয়মীয়াকৈ সংস্পৰ্শত আছিল। অভিযোগ অনুসৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ স্পৰ্শকাতৰ আৰু গোপন তথ্য শত্ৰু দেশক গতাই দিছিল।
চি আই ডি (চিকিউৰিটি) আই জি ড০ বিষ্ণুকান্তই জনাইছে,সন্মুখত স্বাধীনতা দিৱস । তাৰ আগতে ৰাজস্থানৰ চি আই ডি বিভাগে কঠোৰ চোৰাংচোৱাগিৰি চলাইছিল। আৰু সেই সময়তে ধৰা পৰে মহেন্দ্ৰ।
বুধবাৰে পুৱা খবৰ পাই যে মহেন্দ্ৰ প্ৰসাদ নামৰ এজন ব্যক্তিয়ে ডি আৰ ডি অ’ৰ অতিথিশালাত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰি আছে। তদন্ত আৰম্ভ হোৱাৰ লগে লগে মহেন্দ্ৰ পাকিস্তানী চোৰাংচোৱাৰ সংস্পৰ্শত থকা বুলি ধৰা পৰে।
অভিযোগ অনুসৰি তেওঁ ডি আৰ ডি অ’ৰ বিজ্ঞানীসকলৰ গতিবিধি, গৱেষণা, আৰু তাত ভ্ৰমণ কৰা ভাৰতীয় সেনা বিষয়াৰ নাম আদি গুৰুত্বপূৰ্ণ তথ্য ফাদিল কৰিছিল।
ইয়াৰ পাছতে মহেন্দ্ৰক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ মোবাইল ফোনটো জব্দ কৰিছে । তেওঁক সোধা-পোছা কৰিছে দুটা নিৰাপত্তা সংস্থাই। তদন্তকাৰীয়ে তেওঁৰ স’তে আৰু কোনোবা জড়িত আছে নে নাই সেই সন্দৰ্ভত তদন্ত কৰি আছে।
