Artificial Flood in Guwahati:
মুষলধাৰ বৰষুণত মহানগৰ হৈ পৰিল পুনৰ মহাসাগৰ ৷ নিশাৰে পৰা আবেলিকৈ অব্যাহত থকা বৰষুণৰ ফলত সদাব্যস্ত প্ৰায়বোৰ বাট- পথৰ লগতে বহু আবাসিক অঞ্চল হৈ পৰে জলমগ্ন ৷বিশেষকৈ অনিল নগৰ,নবীন নগৰ,হাতীগাঁও, চাৰ্ভে, ৰুক্মিণীগাঁও,ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁৱৰ চাৰ্ভিছ পথত এককাল পৰ্যন্ত পানী ৷ যাৰবাবে পানীৰ মাজতেই বিকল হৈ পৰিল বহু বাহন।ভয়ংকৰ কৃত্রিম বানৰ বাবে গুৱাহাটীৰ বহু বিদ্যালয় বন্ধ ঘোষণা কৰে কৰ্তৃপক্ষই।
