Terrible road accident in Khetri:ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দম্পতীৰ,গুৰুতৰভাৱে আহত কন্যাক চিকিৎসালয়লৈ প্ৰেৰণ

aa

Terrible road accident in Khetri:

মহানগৰীৰ পাশ্বৱৰ্তী ক্ষেত্ৰীৰ চক্ষুৰাত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত দম্পতীৰ ৷ সংকটজনক অৱস্থাত দম্পতীৰ কিশোৰী কন্যাক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় জিএমচিএইছলৈ৷নিহত ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱশৰ্মা আৰু পত্নী অর্চনা দেৱী। আহত কন্যা গৰাকীৰ নাম কুমলী দেৱী ৷

প্ৰাপ্ত্য খবৰ অনুসৰি ওৰেনিশা দিয়া কিনকিনিয়া বৰষুণ দি থকাৰ মাজতে নিজ কিশোৰী কন্যা সহ দম্পতীয়ে নিজা বাহনেৰে গুৱাহাটী অভিমুখে আহি থকাৰ পথত ক্ষেত্ৰীৰ চক্ষুৰাত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ মাজত থকা গছত খুন্দা মাৰে ৷ ভয়াৱহ দুৰ্ঘটনাটোত চূর্ণ-বিচূর্ণ হয় বাহন খন৷ চূর্ণ-বিচূর্ণ বাহনত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ থাকে দম্পতীৰ মৃতদেহ ৷

আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ বাহন খনৰ পিছৰ আসনত বহা তেওঁলোকৰ কিশোৰী কন্যা গৰাকীক বহু চেষ্টাৰ অন্তত বাহন খনৰ ভিতৰৰ পৰা উলিয়াই ততালিকে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷ শোকাৱহ দুৰ্ঘটনাটোৱে সকলোকে শোকাভিভূত কৰি তোলে ৷

Exit mobile version