ULFA[I] linkman Arrested :
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিদ্ৰোহী সংগঠনৰ কুটাঘাটমূলক কাৰ্য সংঘটিত হোৱাৰ আশংকা ৰাজ্য চোকে- কোণে অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে নিয়মীয়া তালাচী ৷
আৰক্ষীৰ এনে তালাচী অভিযানৰ মাজতে মৰাণ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত আলফা (স্বাঃ) ৰে সম্পৰ্ক ৰখাৰ অভিযোগত ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰে লিংকমেন এজনক ৷ধৃত লিংকমেনজনৰ নাম প্ৰজ্ঞান শইকীয়া ৷উল্লেখ্য যে, আটকাধীন শইকীয়া দুৰ্ধৰ্ষ আলফা (স্বাঃ)ৰ কেডাৰ আইচেং অসমৰে যোগযোগত থকাৰ অভিযোগ বিশেষ সূত্ৰে লাভ কৰিছিল মৰাণ আৰক্ষীয়ে ৷
![Assam News Today | Ulfa[i] linkman Arrested :আলফা (স্বাঃ) ৰ লিংকমেন আটক - Dainik Agradoot | LINKMEN 1](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2025/08/LINKMEN-1.jpeg?fit=290%2C222&ssl=1)