Bokakhat:বোকাখাতত স্বাধীনতা দিৱসৰ দিনাই বীৰঙ্গনা সাধনীক অপমান প্ৰশাসনৰ

গছ লতিকা মাজত বীৰঙ্গনাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰিবলৈ দিলে নিমন্ত্ৰিত অতিথিক

bokalhat

Bokakhat:

সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে বোকাখাত সম জিলা প্ৰশাসনে বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সম জিলা প্ৰশাসনে বোকাখাত সম জিলা আয়ুক্ত কাৰ্যালয়ত থকা স্বাধীনতা সংগ্ৰামী আৰু বীৰ বীৰঙ্গনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে । তাৎপৰ্যপূৰ্ণ বিষয় যে  সম জিলা আয়ুক্ত কাৰ্যালয়ত থকা শ্বহীদ কমলামিৰি, ছহিদ বেজাবৈষ্ণৱ, বীৰঙ্গনা সতী সাধনী , আইদেউ সন্দিকৈ , সতী ৰাধিকা প্ৰতিমূৰ্তিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন বাবে বোকাখাত সম জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক প্ৰশাসনৰ ফালৰ পৰা নিমন্ত্ৰণ জনাইছিল আৰু যথা সময়ত উক্ত স্থানত সম জিলা আয়ুক্ত গৰাকীৰ সৈতে উপস্থিত আছিল ।

অনুষ্ঠানত প্ৰথমে সম জিলা আয়ুক্ত শিৱানী জানৰ্গেল প্ৰথমে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰা পাছতে ছহিদ কমলামিৰি ,ছহিদ বেজা বৈষ্ণৱ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে । ইয়াৰ পিছতেই বিশিষ্ট লেখক -সাহিত্যিক কৃতি শিক্ষক মহেন শইকীয়াই বীৰঙ্গনাৰ সতী সাধনী প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰিবলৈ গৈ হতবাক হৈ পৰে ।

কাৰণ উক্ত স্থানত থকা বীৰঙ্গনা সাধনীৰ প্ৰতিমূৰ্তিৰ তলত গছ লতিকাৰে আগুৰি আছে । বন্তি প্ৰজ্বলক শইকীয়াই বন্তি প্ৰজ্বলন কৰাৰ পাছতেই তেওঁ সম জিলা আয়ুক্ত আৰু উপস্থিত ৰাইজৰ সন্মুখত বীৰঙ্গনা সাধনীৰ প্ৰতিমূৰ্তিৰ গছ লতিকা চিঙি উভালি পৰিস্কাৰ কৰে ।

আনহাতে বোকাখাত সম জিলা আয়ুক্ত গৰাকীৰ উপস্থিতত দেশৰ স্বাধীনতা দিৱসৰ দিনাই বীৰঙ্গনা সতী সাধনীক এইদৰে অপমানিত কৰাক লৈ বোকাখাতত তীৱ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাই সমগ্ৰ ঘটনাটো তীব্ৰ দূখ প্ৰকাশ কৰিছে আৰু উক্ত অনুষ্ঠানটোৰ দায়িত্ব থকা চৰকাৰী বিষয়া গৰাকীৰ গুৰুত্বহীনতাৰ বাবে এনে কাণ্ড সংঘটিত হৈছে বুলি ছাত্ৰ সংগঠনটোৰ লগতে বোকাখাতৰ সচেতনত ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Exit mobile version