Golakganj :গোলকগঞ্জ নহ’ল পতাকা উত্তোলন !
গোলকগঞ্জত স্বাস্থ্য বিভাগৰ একাংশ কৰ্মচাৰীৰ দায়িত্বজ্ঞান হীনতাই সন্দিহান কৰিছে ৰাইজক। দেশৰ স্বাধীনতা দিৱস উপলক্ষে প্ৰতি ঘৰে ঘৰে পতাকা উত্তোলনৰ আহ্বান জনাইছে চৰকাৰে। দেশৰ প্ৰতি আনুগত্য বৃদ্ধিৰ উদ্দেশ্যে ত্ৰিৰংগা যাত্ৰাৰো আয়োজন কৰা হৈছে। কিন্তু চৰকাৰী আহ্বান বা নিৰ্দেশকো পিঠি দিয়ে একাংশ চৰকাৰী কৰ্মচাৰী। গোলকগঞ্জ সম জিলাৰ শিমলাবাৰী উপ স্বাস্থ্য কেন্দ্ৰতো সংঘটিত হল তেনে এক ঘটনা। কালি স্বাধীনতা দিৱসৰ দিনা পতাকা উত্তোলন কৰিব নাহিল এজনো কৰ্মচাৰী। দেশৰ স্বাধীনতা দিৱসত পতাকা উত্তোলন নকৰাৰ বাবে ক্ষোভ স্থানীয় ৰাইজৰ।
