Guwahati Traffic Police:আজিৰ পৰা পুনৰ সলনি হ’ল মহানগৰ যান-বাহন আৰক্ষীৰ ইউনিফর্ম

উভতিল যান-বাহন আৰক্ষীৰ বগা পোছাক

police

Guwahati Traffic Police:

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তালয় এলেকাত শনিবাৰৰ পৰা পুনৰ সলনি হ’ল যান-বাহন আৰক্ষীৰ ইউনিফর্ম । পূবৰ আকাশী নীলাৰ পৰিৱৰ্তে পিন্ধিব লাগিব বগা ইউনিফর্ম ৷ গুৱাহাটীৰ যান-জটৰ ব্যৱস্থাপনাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত এই বগা ৰঙৰ যান-বাহন আৰক্ষীৰ পোছাকত পুনৰ দেখা পোৱা গ’ল যান বাহন শাখাৰ আৰক্ষীক ৷

উল্লেখ্য যে , সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্ৰীত্বৰ আগৰ সময়ছোৱাত গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীৰ পোছাক বগা আছিল যদিও সৰ্বানন্দ সোনোৱাল চৰকাৰে বগাৰ পৰিৱৰ্তে আকাশী নীলা কৰে। তেতিয়াৰ পৰা আকাশী নীলা পোছাক পৰিধান কৰি আৰক্ষী সকলে নিজৰ কামকাজ অব্যাহত ৰাখিছিল যদিও শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ এক বৈঠকত মহানগৰ যানবাহন আৰক্ষীৰ পোছাক আকাশী নীলাৰ পৰিৱৰ্তে বগা ইউনিফর্ম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

অৱশেষত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰিয়ে গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীৰ উপায়ুক্তৰ এক নিৰ্দেশনাক্ৰমে শনিবাৰৰ পৰা বগা ৰঙৰ ইউনিফৰ্ম পৰিধান কৰিলে গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে। নিৰ্দেশনাটোত যান-জঁট হ্ৰাস কৰা আৰু শৃংখলাবদ্ধ তথা সুচাৰুৰূপে যান-বাহনৰ চলাচল নিশ্চিত কৰাৰ বাবে যান-বাহন আৰক্ষীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এইক্ষেত্ৰত মহানগৰবাসীৰ সহায়-সহযোগিতা কামনা কৰা হৈছে।

Exit mobile version