Mariani Laying Foundation Stone:আহোম বীৰ লুকু ডেকা ফুকন আৰু নাওবৈচা ফুকনৰ মৈডামৰ চাৰি বেৰৰ আধাৰ শিলা স্থাপন ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ
আহোম বীৰ লুকু ডেকা ফুকন আৰু নাওবৈচা ফুকনৰ মৈডামৰ চাৰি বেৰৰ আধাৰ শিলা স্থাপন ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ। মৰিয়নি সমষ্টিৰ ঐতিহাসিক ধোদৰ আলিৰ কাষতে চেলেং চাহ বাগিছাৰ মাজত দীৰ্ঘদিনে অনাদৃত ৰূপত থকা আহোম বীৰ লুকু ডেকা ফুকন আৰু নাওবৈচা ফুকনৰ মৈডাম দুটা সংৰক্ষণৰ ব্যৱস্থা চৰকাৰৰ।
টাই আহোম উন্নয়ন পৰিষদে মৈদাম দুটাৰ চাৰি বেৰ নিৰ্মানৰ লগতে সৌন্দৰ্য বৰ্দ্ধণৰ বাবে প্ৰদান কৰিছে ২৫ লাখ টকা। শুকুৰবাৰে মৈডামৰ চাৰি বেৰ নিৰ্মানৰ আধাৰ শিলা স্থাপন কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাঘেৰিটাই । আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বুঢ়াগোহাঁই।
উল্লেখ্য যে আহোমৰ ঐতিহ্যবহনকাৰী এই মৈডাম দুটা সংৰক্ষণৰ বাবে চেলেংহাটবাসীৰ লগতে টাই আহোম ছাত্ৰ সন্থাই দীৰ্ঘ দিনৰ পৰা দাবী উত্থাপন কৰি আহিছিল।
