Dhubri:
ধুবুৰী আৰক্ষীৰ গাড়ীৰ পৰা নামিয়েই মুখ ঢাকি দৌৰিছে ৬ জন কৈ ব্যক্তি। এজনৰ আকৌ জঁপিয়াই দৌৰি কেমেৰাৰ পৰা পলাবলৈ চেষ্টা, পিছে সাংবাদিকৰ কেমেৰা দেখি-ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰলৈ দৌৰিছে এওঁলোক প্ৰতিজনেই কিন্তু সভ্য সমাজৰেই একোজন। পিছে কিয় তেওঁলোকৰ এই দশা ৷
দৌৰি দৌৰি পলাবলৈ বিচৰা এই কেইজনৰ এজন গাছপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক। দুজন শিক্ষক, এজন গছপাৰা গাঁও পঞ্চয়তৰ উপ-সভাপতি। আৰু দুজন গাঁও পঞ্চয়তৰ সদস্য।
দৰাচলতে ১৫ আগষ্টৰ দেশৰ স্বাধীনতা দিৱসৰ দিনা ধুবুৰী গাছপাৰা চৰকাৰী বিদ্যালয়ত গাছপাৰা পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত হৈছিল স্বাধীনতা দিৱসৰ সাংস্কৃতিক অনুষ্ঠান। কিন্তু সেই অনুষ্ঠানতেই দেশৰ হৈ জীৱন বলিদান দিয়া বীৰ সকলক চৰম অপমানিত কৰি পশ্চিম বংগৰ পৰা অহা নৃত্য শিল্পীয়ে অৰ্ধ নগ্ন হৈ অশ্লীল নৃত্য প্ৰদৰ্শন কৰিছিল।
গাছপাৰা গাঁও পঞ্চয়তৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অশ্লীল নৃত্যৰ অনুষ্ঠান চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছিল স্বয়ং গাছপাৰা হাই স্কুলৰ প্ৰধান শিক্ষক গৰাকীয়ে। ভিডিঅ সৰ্বত্ৰে ভাইৰেলহৈ পৰাৰ পাছতেই ধৰ্মশালা আৰক্ষী চকীত সহিদুল ইছলামে ৰুজু কৰা 246/25 নং BNS 186(2)/296/223 ৰ ভিত্তিত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ১৭ আগষ্ট ৰ সন্ধিয়া গাছ পাৰা অঞ্চলৰ ৬ জন কৈ ব্যক্তিক আটক কৰে ধুবুৰী আৰক্ষীয়ে।
ইপিনে দেশৰ স্বাধীনতা দিৱসক চৰম অপমান কৰা এই সকল আচামীক ৰক্ষণাবেক্ষণৰ বাবে উঠি পৰি লাগে ধুবুৰী আৰক্ষীৰ একাংশ। সাংবাদিকৰ এটা দল ধুবুৰী সদৰ থানাত উপস্থিত হোৱাৰ পাছতেই আউল লাগে আৰক্ষীৰ অংকত । নিশা প্ৰায় ১.৩০ বজালৈকে আচামী কেইজনক স্বাস্থ্য পৰীক্ষাৰ বাবে ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয় লৈ নগৈ সাংবাদিকৰ কেমেৰাৰ পৰ আচামী সকলক বচাবলৈ সাংবাদিকৰ দলটো থানাৰ পৰা নোযোৱালৈকে অপেক্ষা কৰে ধুবুৰী আৰক্ষীয়ে।
এবাৰ অৱশ্যে থানাৰ পৰা মেডিকেলৰ বাবে ওলাই অনাত সাংবাদিকে দৃশ্য গ্ৰহণৰ চেষ্টা কৰোতেই থানাৰ এজন জোৱানে বাধা প্ৰদান কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈও ভয় নকৰে বুলি মন্তব্য জোৱানজনৰ। অৱশেষত নিশা ১.৩০ বজাত চিকিৎসালয়লৈ লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰোৱায়। পিছে প্ৰায় পুৱতি নিশা ৩ বজালৈ সাংবাদিকৰ দলটোৱে নিজৰ কৰ্তব্যত অটল থকাৰ বাবেই অৱশেষত পুনৰ আৰক্ষীয়ে ধুবুৰী সদৰ থানালৈ লৈ যায় ৬ জনীয়া আচামী দলটোক।
