GMCH Incident:জিএমচিএইছত অঘটন ! আইচিইউৰ বিচনাৰ পৰি নৱজাতকৰ মৃত্যু, আহত আন তিনি শিশু

gmch 1

GMCH Incident:

উত্তৰ পূব ভাৰতৰ অন্যতম আগশাৰীৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় ৰূপে পৰিচিত জিএমচিএইছত সুৰক্ষিত নহয় নৱজাতক।

চিকিৎসা মহাবিদ্যালয় খনৰ প্ৰসূতি বিভাগৰ ৩নং মহলাত সংঘঘটিত হয় ভয়ংকৰ অঘটন ৷ আইচিইউৰ বিচনাৰ পৰি এটি নৱজাতকৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উদ্থাপিত হৈছে ৷ আনহাতে অনুৰূপ ধৰণে বিচনাৰ পৰি আহত হয় আন তিনি শিশু ৷

আনকি অভিভাৱকক চাবলৈ দিয়া নাই শিশু কেইটি ৷ এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ সচেতন মহলে এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ৷

Exit mobile version