Lakhimpur: লখিমপুৰত মাহ প্ৰসাদৰ বিষক্রিয়াত আক্রান্ত ৩০জনকৈ ভকত,এলএম চিএইছত ভৰ্তি

LMCH

Lakhimpur:

লখিমপুৰত খাদ্যত বিষক্রিয়া ৷ মাহ প্ৰসাদ খাই আক্রান্ত ৩০জনকৈ ভকত । আটাইকে ততাতৈয়াকৈ ভৰ্তি কৰা হয় এলএম চিএইছত I নাওবৈচা দেউবিল চামগুৰিৰ এটা পৰিয়ালৰ ঘৰত আয়োজিত আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানৰ প্ৰসাদ খাই অসুস্থ হৈ পৰে ৩০ জনকৈ ভকত ৷ সন্দেহ কৰা মতে মাহ প্ৰসাদৰ বিষক্রিয়াৰ ফলত  আক্রান্ত হয় ভকত কেই গৰাকী ৷

আক্ৰান্ত সকলৰ ১৫ গৰাকী পুৰুষ-মহিলাৰ ভকতক ভৰ্তি কৰা হয় এলএম চিএইছত ৷ আন ১৫ জনক ভৰ্তি কৰা হয় লখিমপুৰৰ কে’বা খনো ব্যাক্তিগত চিকিৎসালয়ত ৷ আনহাতে এলএম চিএইছত চিকিৎসাধীন আটাইকেইগৰাকী সংকটমুক্ত বুলি জানিব দিয়ে চিকিৎসকে ৷

Exit mobile version