বিমানত নিৰ্দিষ্ট ওজনতকৈ অধিক ওজন কঢ়িয়ালে অতিৰিক্ত ভাড়া দিব লাগে। যিহেতু এনে ব্যৱস্থা ৰেল যাত্ৰাত কাৰ্যকৰী নহয়, সেয়েহে যাত্ৰীসকলৰ মাজত প্ৰায়ে লাগেজ সংৰক্ষণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়।
সেই পৰিস্থিতি সলনি হোৱাৰ পথত ? এতিয়াৰ পৰা ৰেল যাত্ৰীসকলে অতিৰিক্ত ওজনৰ বেগৰ বাবে জৰিমনা ভৰিব লাগিব!
বৰ্তমান এই নিয়ম উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ আৰু প্ৰয়াগৰাজ চিওকি ষ্টেচনত পৰীক্ষামূলকভাৱে কাৰ্যকৰী কৰা হৈছে। পাছত সমগ্ৰ ভাৰততে অতিৰিক্ত লাগেজৰ বাবে জৰিমনা বিহাৰ নিয়ম কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে।
নিয়ম অনুসৰি এচি প্ৰথম শ্ৰেণীৰ যাত্ৰীসকলে ৭০ কেজি পৰ্যন্ত ওজনৰ লাগেজ, এচি টু টিয়াৰ যাত্ৰী ৫০ কেজি, এচি থ্ৰী টিয়াৰ আৰু শ্লীপাৰ ক্লাছৰ যাত্ৰী ৪০ কিলোগ্ৰাম লৈ ৰেলত উঠিব পাৰিব।
আৰু সাধাৰণ কম্পাৰ্টমেণ্টৰ যাত্ৰীসকলে সৰ্বাধিক ৩৫ কিলোগ্ৰাম লাগেজ কঢ়িয়াই নিব পাৰে ।
যদিও ৰে’লৱে নিজেই উল্লেখ কৰিছে যে এতিয়ালৈকে ইয়াতকৈ অধিক ওজনৰ লাগেজ লৈ ৰে’লত উঠা যাত্ৰীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।
অৱশ্যে এইবাৰ সেই নিয়ম কাৰ্যকৰী কৰিবলৈ কৰ্তৃপক্ষই চেষ্টা চলাইছে।
