ধাৰাষাৰ বৰষুণত ধুব গৈছে মুম্বাই!   

ধাৰাসাৰ বৰষুণত ১২ জন লোকৰ মৃত্যু 

IMG 20250819 135355

Rainfall:✒️ধাৰাষাৰ বৰষুণত ক্ষতিগ্ৰস্ত দেশৰ বাণিজ্যিক ৰাজধানী। পানীৰ তলত ডুব গৈছে মহানগৰীৰ বহু পথ।বন্ধ কৰি দিয়া হৈছে বিদ্যালয়-মহাবিদ্যালয়।

চহৰৰ বাসিন্দাসকলক নিতান্তই প্ৰয়োজন নহ’লে ঘৰৰ পৰা ওলাই নাহিবলৈ পৰামৰ্শ দিয়া হৈছে। পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া সমুদ্ৰস্থলী।

বতৰ বিজ্ঞান বিভাগৰ প্ৰতিবেদন অনুসৰি বিগত ২৪ ঘণ্টাত মুম্বাইৰ কেবাটাও অঞ্চলত ২০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ বিপৰীতে মুম্বাইৰ পূব দিশৰ উপকণ্ঠ অঞ্চল ভিখৰোলিত (২৫৫.৫ মিলিমিটাৰ) সৰ্বাধিক বৰষুণ হৈছে।

অৱশ্যে বৃহস্পতিবাৰৰ পূৰ্বে মহাৰাষ্ট্ৰত বৰষুণ হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নাই। ইয়াৰ উপৰিও জোৱাৰৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে।

এই পৰ্যন্ত মহাৰাষ্ট্ৰত দুৰ্যোগ সম্পৰ্কীয় বিভিন্ন দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হৈছে।মঙলবাৰেও মুম্বাই, থানে আৰু ৰাইগাডৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

আগন্তুক ২৪ ঘন্টাত এইসমূহ অঞ্চলসমূহত অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিচ্ছিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা।

কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। প্ৰাপ্ত তথ্য অনুসৰি , বিগত দুদিনত সমগ্ৰ মহাৰাষ্ট্ৰত ধাৰাসাৰ বৰষুণ হৈছে। বেছিভাগ জিলাতে ৰঙা বা কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আগন্তুক তিনিদিনত পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা নাই।

প্ৰশাসনে সকলো সাৱধানতা অৱলম্বন কৰিছে। উদ্ধাৰকাৰী দলো সাজু।

মহাৰাষ্ট্ৰ চৰকাৰে এই দুৰ্যোগৰ বাবে মঙলবাৰে মুম্বাই, থানে, পালঘৰ, ৰায়গড়, ৰত্নাগিৰি আৰু সিন্ধুদুৰ্গৰ সকলো বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ আৰু মহাবিদ্যালয়ৰ বাবে বন্ধ ঘোষণা কৰিছে।

Exit mobile version