BEEO Arested in Rupahihat:
ইজনৰ পিছত সিজনকৈ চৰকাৰী বিষয়া- কৰ্মচাৰী উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰাৰ পিছতো যেন শিকনি হোৱা নাই একাংশ ঘোচখোৰৰ ৷ পুনৰ উৎকোচ লৈ হাত দাঙিলে আকৌ এগৰাকী চৰকাৰী বিষয়াই ৷ নগাঁও জিলাৰ ৰূপহীহাটৰ লাওখোৱা শিক্ষা বিষয়া মেহবুব আলম লস্কৰক উৎকোচ লৈ থকা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে চিএম ভিজিলেঞ্চৰ এটা দলে ৷
ৰুদ্ৰ মোহন চক্ৰৱৰ্তী নামৰ এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকৰ পৰা পেঞ্চন মুকলি কৰি দিয়াৰ নামত
পাঁচ হাজাৰ টকা উৎকোচ লৈছিল আটকাধীন বি ই ই অ’ গৰাকীয়ে ৷ উল্লেখ্য যে,যোৱা জুলাই মাহত প্ৰধান শিক্ষক ৰুদ্ৰ মোহন চক্ৰৱৰ্তী গৰাকী অৱসৰ গ্ৰহণ কৰিছিল। ঘোচ লৈ হাত ডঙা শিক্ষা বিষয়া গৰাকীৰ ঘৰ হাইলাকান্দিত।
স্মতৰ্ৱ্য যে পূৰ্বেই লাওখোৱা শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ এগৰাকী গাননিক বিষয়াও ঘোচ লৈ গ্ৰেপ্তাৰ হৈছিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ হাতত।
