Baba Ramdev:
হঠাৎ মুছলমান সমাজৰ প্ৰশংসাত গদগদ হ’ল কট্টৰ হিন্দুত্ববাদী হিচাপে পৰিচিত যোগ গুৰু বাবা ৰামদেৱ ৷মুছলমান সমাজৰ জাকাত পৰম্পৰাৰ পৰা সমাজৰ শিকিব লগা আছে বুলি দাবী কৰিলে ৰামদেৱে ৷
যোগ গুৰু গৰাকীয়ে মুছলমান সমাজৰ জাকাত পৰম্পৰাক মুকলিকৈ প্ৰশংসা কৰি কয়,দৰিদ্ৰ হ’লেও প্ৰতিজন মুছলমানে নিজৰ উপাৰ্জনৰ পৰা ৬ শতাংশ জাকাট দিয়ে | তেওঁলোকৰ এই পৰম্পৰাই সমাজৰ প্ৰতি যথেষ্ঠ অৱদান আগবঢ়ায় ৷ দৈনিক ৫০০-১,০০০ টকা উপাৰ্জন কৰা মুছলমানেও জাকাত দিবলৈ সংকোচ নকৰে বুলি দাবী কৰে ৰামদেৱে ৷
ৰামাদেৱে আৰু কয় যে,মুছলমানৰ এই মহান কাৰ্যৰ বিপৰীতে হিন্দু সমাজৰ একাংশ লোকে উপাৰ্জনৰ ১ অংশও দান কৰিবলৈ অনিহা প্ৰকাশ কৰে বুলি আপত্তি দৰ্শাই ৷ মুছলমানৰ জাকাত পৰম্পৰাৰ উদাহৰণ দি হিন্দু সমাজকো দান আগবঢ়োৱাৰ প্ৰতি আহ্বান জনাই ৷যি ব্যক্তিয়ে দান নিদিয়ে তেওঁ সদায় সামাজিক আৰু আৰ্থিকভাবে পিছ পৰি থাকে বুলি দাবী কৰে ৰামদেৱে ৷ প্ৰতিজন হিন্দুৱে মুছলমানৰ জাকাত পৰম্পৰাৰ দৰে উপাৰ্জনৰ কিছু অংশ দান কৰাটো উচিত ৷
উল্লেখ্য যে ,ৰাজস্থানৰ ছিকাৰ জিলাৰ ৰিৱাছা ধামত নদিনীয়াকৈ অনুষ্ঠিত এক মহোৎসৱত অংশগ্ৰহণ কৰি উক্ত মন্তব্য কৰিছিল বাবা ৰামদেৱে ৷
