শিশুপুত্রক হত্যা কৰি পলাতক! 

ভাৰতৰ পৰা গ্ৰেপ্তাৰ এফ বি আইৰ 'মষ্ট ৱাণ্টেড' চিণ্ডী!

cindy

FBI: বৃহস্পতিবাৰে ভাৰতৰ মাটিত গ্ৰেপ্তাৰ কৰা হয় এফ বি আইৰ ‘মষ্ট ৱাণ্টেড’ তালিকাত থকা অপৰাধী চিণ্ডী ৰড্ৰিগেজ সিঙক । তেওঁৰ বিৰুদ্ধে নিজৰ ছয় বছৰীয়া পুত্ৰ নোৱেল ৰড্ৰিগেজ আলভাৰেজক হত্যা কৰাৰ অভিযোগ।

এফ বি আইৰ শীৰ্ষ ১০ জন মষ্ট ৱাণ্টেড তালিকাত অন্তৰ্ভুক্ত চিণ্ডীৰ সমগ্ৰ আমেৰিকা আৰু টেক্সাছত দুটা পৃথক গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে।

পুত্ৰক হত্যা কৰাৰ অভিযোগত চিণ্ডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পলায়ন কৰে।২০২৪ চনত ইন্টাৰপলে তেওঁৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নোটিচ জাৰি কৰিছিল।

চিণ্ডীক প্ৰত্যাৰ্পণৰ বাবে ভাৰত চৰকাৰলৈ নথি-পত্ৰও প্ৰেৰণ কৰা হয়। যিহেতু অভিযুক্তই পলাই ভাৰতত আশ্ৰয় লৈছিল, সেয়েহে ভাৰত আৰু ইন্টাৰপলৰ সহযোগত এফ বি আইয়ে চিণ্ডীক গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি টেক্সাছত অতি সোনকালে তেওঁৰ বিচাৰ আৰম্ভ হ’ব। ভাৰত-আমেৰিকাৰ শুল্ক বিবাদৰ মাজতে ভাৰতত চিণ্ডীক গ্ৰেপ্তাৰ কৰাটো তাৎপৰ্যপূৰ্ণ।

ভাৰতীয় মূলৰ এফ বি আইৰ সঞ্চালক কাছ পেটেলে টেক্সাছ প্ৰশাসন, আমেৰিকাৰ ন্যায় বিভাগ আৰু ভাৰতক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ লিখিছে, “ভাৰতীয় বিষয়াসকলক তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ। এফ বি আই ডালাছ আৰু নিউয়ৰ্কে এক অসাধাৰণ কাম কৰিছে।”

প্ৰসংগক্ৰমে হত্যা কৰা শিশুটিৰ বিভিন্ন শাৰীৰিক সমস্যা আছিল। ২০২২ চনৰ অক্টোবৰৰ পাছত তেওঁ নিৰুদ্দেশ হয়।চিণ্ডীয়ে দাবী কৰে যে নোৱেল তেওঁৰ প্ৰকৃত পিতৃ (চিণ্ডীৰ প্ৰাক্তন স্বামী)ৰ স’তে মেক্সিকোত আছে।

যদিও ২০২৩ চনত তেওঁ পুত্ৰৰ হত্যাকাণ্ডৰ স’তে নাম জড়িত হৈ পৰে। ইয়াৰ পাছতে স্বামী আৰু সন্তানৰ স’তে তেওঁক ভাৰতলৈ যোৱা বিমানত উঠা দেখা যায়। অৱশেষত ধৰা পৰিছে সেই মহিলাগৰাকী।

ভাৰতীয় মূলৰ এফ বি আইৰ সঞ্চালক কাছ পেটেলৰ কাৰ্যকালত গ্ৰেপ্তাৰ হোৱা এফ বি আইৰ মষ্ট ৱাণ্টেড লিষ্টৰ চতুৰ্থজন সন্দেহযুক্ত চিণ্ডী।

Exit mobile version