Fraudsters Arniban arrested in Delhi:দিল্লীত নগাঁও আৰক্ষীৰ অভিযানত আটক মহাপ্ৰৱঞ্চক অনির্বান দেউৰী,আটক দেউৰী পিতৃ- মাতৃক

Fraudsters Arniban arrested in Delhi:

নগাঁৱত প্ৰবঞ্চনাৰে বিভিন্নজনৰ পৰা বহুকোটি টকা আত্মসাৎ কৰি পলায়ন কৰা মহাপ্ৰৱঞ্চক অনির্বান দেউৰী আৰক্ষীৰ জালত।
২৮ মেত গুৱাহাটীৰ পৰা পলায়ণ কৰি দিল্লীত আত্মগোপন কৰি আছিল মহাপ্ৰৱঞ্চক অনির্বান ৷ অৱশেষত বিশেষ খবৰৰ ভিত্তিত কালি নগাঁও আৰক্ষীয়ে দিল্লী আৰক্ষীৰ সহযোগত দক্ষিণ দিল্লীৰ ফৰিদাবাদৰ এটা বাসগৃহৰ পৰা আটক কৰিবলৈ অনির্বান দেউৰীক। দেউৰীৰ লগতে তেওঁৰ পিতৃ বুবুল দেউৰী আৰু মাতৃ মুন দেৱীকো আটক কৰে ।
নগাঁও আৰক্ষীয়ে আটকাধীন অনির্বান দেউৰী আৰু তেওঁৰ পিতৃ-:মাতৃক দিল্লী আদালতত ট্ৰেনজিত ৰিমাণ্ডত লৈ নগাঁৱলৈ অনাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।
Exit mobile version