Horrific Murder in Dergain :
দেৰগাঁৱত নৃশংস হত্যাকাণ্ড ৷ পত্নীক দাৰে ঘপিয়াই হত্যা স্বামীৰ ৷ এই লোমহৰ্ষক কাণ্ড সংঘটিত হয় বুঢ়াগাঁৱত ৷ ৰিংকু ফুকন নামৰ লোকজনে পত্নী দেৱিকা ফুকনক বুধবাৰে নিশা প্ৰায় এঘাৰ মান বজাত নিজ বাসগৃহতে দাৰে উপযুপৰি ঘপিয়াই। ফলত থিতাতে কৰুণ মৃত্যুক সাবটি লয় মহিলা গৰাকীয়ে। আনহাতে ঘটনা সংঘটিত কৰিয়ে ঘাতক ৰিংকু ফুকনৰ দা লৈ দেৰগাওঁ থানাত হাজিৰ হৈ আত্মসমৰ্পণ কৰে ৷
আনহাতে নিশাই দেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট চিভিল হাস্পতাললৈ প্ৰেৰণ কৰি আৰম কৰে তদন্ত ৷ পাৰিবাৰিক সংঘাটৰ ফলতেই এই ঘটনাৰ হোৱাৰ সন্দেহ আৰক্ষীৰ ৷ মৃত দেৱিকা আৰু তেওঁৰ ঘাতক স্বামীৰ আছে ১৩ বছৰীয়া এগৰাকী ছোৱালী আৰু ২ বছৰীয়া এটি ল’ৰা সন্তান ৷
