Urimaghat:
উৰিয়ামঘাটত ইতিমধ্যে উচ্ছেদ সম্পন্ন হোৱা ভূমিৰ অন্তৰ্গত ৰেংমা বনাঞ্চলত প্রায় ১০ হাজাৰ গছপুলি ৰোপনৰ বাবে ২৭ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শর্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আহিব ৷
কিন্ত দুই মুখ্যমন্ত্ৰী অহাৰ পূবেই নগাই উচ্ছেদ চলাবলৈ টঙালি বান্ধিছে ৷ নগাই উচ্ছেদৰ বাবে জাননী জাৰি কৰিছে অসমৰ লোকলৈ। সেই অনুসৰি উৰিয়ামঘাটৰ ১নং চেতিয়া গাঁৱৰ আঠটা পৰিয়াললৈ, ২নং চেতিয়া গাঁৱৰ দুটা পৰিয়াললৈ উচ্ছেদ জাননী প্ৰেৰণ কৰিছে নগা চেয়াৰমেন আৰু গাঁওবুঢ়াই ৷
উল্লেখ্য যে,উৰিয়ামঘাটত বেদখলকাৰীক উচ্ছেদ কৰাৰ পিছৰে পৰা একাংশ নগা লোকে ৰেংমা বনাঞ্চলৰ ভূমিত পিটপিটাই থাকি দাঁতি কাষৰীয়া লোকৰ ভয়- ভাবুকি দি উচ্ছেদিত ভূমি তেওঁলোকৰ বুলি দাবী কৰি আহিছিল ৷ ইয়াকে লৈ তেতিয়াৰে পৰা অঞ্চলটোত বিৰাজ কৰিছিল চেপা উত্তেজনা ৷
