Wild Elephant Injured in Buhapahar:
কলিয়াবৰ বুঢ়াপাহাৰত অঘটন ৷ দেওচুৰ গাঁৱৰ এটা কেচা কুঁৱাত পৰি চটফটাই আছে এটা বনৰীয়া হাতী । যোৱা নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি দেওচুৰ গাঁৱৰ ৰাইজে পানী খাবলৈ খান্দি থোৱা এটা কেচা কুঁৱাত সোমাই যায় বন্যহস্তীটো ।

আনহাতে হাতীটোৱে যথেষ্ট কষ্ট পোৱাৰ বাবে চিকিৎসাৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ পশু চিকিৎসকৰ বিশেষজ্ঞ দলো ইতিমধ্যে উপস্থিত হৈছেহি ঘটনাস্থলী ।
শেহতীয়া খবৰ অনুসৰি বন বিভাগৰ অহৰহ চেষ্টাৰ অন্তত হাতীটো সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।পশু চিকিৎসকৰ দলে ততালিকে হাতীটো পৰীক্ষা কৰি সুস্থ বুলি জানিবলৈ দিয়ে ৷ হাতীটো জংঘললৈ উভতি নোযোৱালৈকে বন বিভাগৰ দলেতীক্ষ্ণ নিৰীক্ষণত ৰাখিব বুলি জানিব পৰা গৈছে ৷
