অসমত নতুনকৈ আধাৰ নাপাব ১৮ ঊর্ধ্বই

images 1 5

Adhar card:✒️অসমত বাস কৰা ভাষা-ধর্ম নির্বিশেষ প্রাপ্তবয়স্ক কোনো লোকে অহা অক্টোবৰৰ পৰা নাপাব আধাৰ কাৰ্ড। ১৮ বছৰ ঊর্ধ্বৰ সকলো নাগৰিকক নতুনকৈ আধাৰ কাৰ্ড প্রদানত নিষেধাজ্ঞা জাৰিৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে।

কালি এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্রহণ কৰে। কেবিনেটৰ অন্তত মুখ্যমন্ত্রীয়ে এক সংবাদমেলত কয় যে এতিয়াৰ পৰা অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ’ব।

যিসকলৰ লগত এতিয়াও আধাৰ কাৰ্ড নাই, তেওঁলোকে ছেপ্টেম্বৰৰ ভিতৰত। তাৰ আবেদন কৰিব লাগিব। অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সর্মাই কয়, ‘অৱশ্যে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু চাহ জনগোষ্ঠীৰ ১৮ বছৰৰ উৰ্দ্ধৰ লোকে এবছৰলৈ আবেদনৰ সুবিধা লাভ কৰিব। এবছৰৰ পাছত এছটি, এছচি আৰু চাহ জনগোষ্ঠীৰ ১৮ বছৰ ওপৰৰ লোকেও আধাৰ কার্ড নাপাব। অন্যান্য যিসকল লোকৰ এতিয়াও আধাৰ কার্ড নাই, তেওঁলোকে অহা ছেপ্টেম্বৰৰ ভিতৰতে আধাৰ কাৰ্ড উলিয়াব লাগিব।ইয়াৰ পাছতো যদি কোনো মানুহ বিশেষ কাৰণত বাদ পৰি যায়, তেওঁলোকে জিলা আযুক্তৰ ওচৰত আবেদন কৰিব লাগিব আৰু জিলা আয়ুক্তই সকলো দিশ চাই এই ক্ষেত্রত ব্যবস্থা গ্রহণ কৰিব।’

অসমলৈ এতিয়াও নতুন লোকৰ আগমন অব্যাহত আছে আৰু এই আগমনক বাধা প্রধানৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে আৰু কয়, ‘যোৱা এবছৰত বাংলাদেশৰ পৰা অবৈধভাবে প্রবেশৰ চেষ্টা কৰা বহু লোকক সীমান্তত ধৰি থকা হৈছে। কালিও সাতজনক ওভতাই পঠিওৱা হৈছে; কিন্তু আমি নিশ্চিত নহয় যে সকলোকে ওভতাই পঠিয়াব পৰা গৈছে নে নাই। গতিকে আমি এটা সুৰক্ষা ব্যবস্থা ল’ব বিচাৰিছো, যাতে কোনো মানুহে অসমত সোমাই আধাৰ কার্ডখন লৈ ভাৰতীয় নাগৰিক হ’ব নোৱাৰে। এই পথটো আমি সম্পূর্ণৰূপে বন্ধ কৰি দিব খুজিছো।’

লক্ষ্যণীয় অসমৰ মুঠ জনসংখ্যাতকৈ দুই শতাংশৰ অধিক লোকে আধাৰ কার্ড লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে এই সিদ্ধান্তই কোনো অসুবিধাত নেপেলায় বুলি কয়। তেওঁ কয়, ‘যিহেতুকে অসমৰ জনসংখ্যাতকৈ আধাৰ লোৱাৰ সংখ্যা বেছি, সেয়ে আমি এতিয়া নতুনকৈ জন্ম হোবা সন্তানকহে আধাৰ কার্ড দিব লাগিব; অর্থাৎ আজি যদি মই জন্ম হৈছো, কিবা কাৰণতে আজি বা কাইলৈ আধাৰ কাৰ্ড লোৱা নাই; কিন্তু ১৮ বছৰলৈ আধাৰ নোলোৱাকৈ থকাৰ কোনো কাৰণ থাকিব নোৱাৰে। গতিকে প্রাপ্তবয়স্ক লোকে যদি অসমত আধাৰ ল’বলৈ যত্ন কৰে, তেওঁ স্পষ্টভাবে নতুনকৈ অহা মানুহ হ’ব লাগিব।’

একেদৰে প্রাপ্তবয়স্ক লোকে বিশেষ কাৰণবশতঃ যদি আধাৰ কার্ড উলিয়াব নোৱাৰিলে, তেতিয়া একমাত্র জিলা আয়ুক্তৰ জৰিয়তেহে সেয়া লাভ কৰিব বুলি দোহাৰি মুখ্যমন্ত্রীয়ে কয়, ‘মোৰ বয়স ১৯ বছৰ হৈছে আৰু মই গুৱাহাটী আইআইটিত অধ্যয়ন কৰি আছো। ঘৰ মোৰ কৰ্ণাটকত; কিন্তু মই কর্ণটিকত আধাৰ ল’ব বিচৰা নাই, অসমত ল’ব খুজিছো। তেতিয়া কেৱল জিলা আয়ুক্তইহে আধাৰ কাৰ্ড দিব পাৰিব, আধাৰ কেন্দ্ৰই দিব নোৱাৰে।’

উল্লেখ্য যে হিন্দু-মুছলমান সকলোৰে কাৰণে এই সিদ্ধান্ত প্রযোজ্য হ’ব বুলি তেওঁ মন্তব্য কৰি এছটি, এছচি আৰু চাহ জনগোষ্ঠীৰ চাৰি শতাংশ লোকে এতিয়াও আধাৰ ল’বলৈ বাকী থকাৰ বাবেই তেওঁলোকক আবেদনৰ সময় এবছৰ দিয়া হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়।

অসমীয়া মানুহৰ পৰা শিক্ষা গ’লে কাইলৈ চাকৰিও যাব

আনহাতে, বর্তমান সময় অসমৰ কাৰণে সংকটৰ সময় বুলি দোহাবি মুখ্যমন্ত্রী শর্মাই কয়, ‘আমি মাটি কাৰ দখলত কিমান আছে আলোচনা কৰিছো, কেতিয়াবা এই বছৰৰ মেডিকেলৰ নামভৰ্তিৰ তালিকাখন চাব। আমি দেখা পাম যে অসমীয়া মানুহৰ পৰা শক্তিটো আন এটা দিশলৈ গতি কৰিছে। অসমত আজি আইআইএম আহিব আৰু পাঁচশ কোটি টকাৰ কাম হ’ব। ধৰি ল’লো এই কামত ঠিকাদাৰজনহে অসমীয়া হ’ব, বাকী সকলো নির্মাণ শ্রমিকৰ ভিতৰত এজনো খিলঞ্জীয়া অসমীয়া নাথাকে। মেডিকেলৰ যদি ফলাফল চায়, সাধাৰণ শ্রেণীত ৩০ শতাংশও অসমীয়া লোকৰ মাজত আসন নাই।’

অৱশ্যে এয়া কাৰোবাক শত্রুতা কৰি কোৱা কথা নহয়, কোনোবাই ভাল কৰিছে ভাল বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। তেওঁ লগতে কয়, ‘কিন্তু এই দিশতো অসমীয়া মানুহে চিন্তা কৰাৰ সময় আহিছে। অসমীয়াৰ হাতৰ পৰা আৰু বৰাকৰ বাঙালী মানুহৰ পৰা শক্তি স্থানান্তৰিত হৈছে। এনেকুৱা যদি হৈ থাকে এদিন অসমতে অসমীয়া মানুহখিনি পৰাধীন হৈ পৰিব। অসমত অসমীয়াৰ প্ৰভুত্ব নাথাকিব। এই কথা কৈ মই কাকো কাজিয়া কৰিবলৈ কোৱা নাই; পঢ়িবলৈ কৈছো, শ্ৰমৰ প্ৰতি আগবাঢ়ি যাবলৈ কৈছো।’

মুখ্যমন্ত্রীয়ে পুনৰ কয়, ‘মাটি হেৰুৱাইছো, শিক্ষাও হেৰুৱাইছো। আজি শিক্ষা যদি হেৰুৱাইছো, দুদিন পাছত চাকৰিও হেৰুৱাম। সেয়ে মই অসমীয়া সমাজক দৃষ্টি আকর্ষণ কৰিছো যে প্রতিযোগিতাৰ পৃথিৱীখনৰ পৰা আমি আঁতৰি গৈ আছো। অসমীয়াৰ জাতিৰ সম্মুখত কিমান ডাঙৰ সংকট আছে মেডিকেলৰ নামভৰ্তিৰ তালিকাখন চালেই গম পাব। মেডিকেল গ’ল, নির্মাণ গ’ল, খেতি গ’ল, উবেৰ গ’ল।’

উজনি অসম দখলৰ ভয়ংকৰ যড়যন্ত্র

ইফালে, উৰিয়ামঘাটৰ উচ্ছেদিতই সম্প্রতি মৰিগাঁৱত থাকি ভোটদানৰ ঠিকনা উৰিয়ামঘাটতে বিচাৰি নির্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি মুখ্যমন্ত্রীয়ে আজি সদৰী কৰে। তেওঁ কয় যে পত্রখন দিব লাগিছিল ভোটাৰ তালিকাৰ পৰা নাম কর্তন নকৰিব, এতিয়া মৰিগাঁৱতে ভোটাদানৰ সুবিধা কৰি দিয়ক; কিন্তু মৰিগাঁৱত থাকি তেওঁলোকে উৰিয়ামঘাটত ভোট দিবলৈ বিচাৰিছে। ইয়াত এক গভীৰ ষড়যন্ত্র নিহিত হৈ আছে বুলি উল্লেখ কৰি উজনি অসমক লক্ষ্য কবি এই ষড়যন্ত্র ৰচনা কৰা হৈছে বুলি শর্মাই কয়।

তেওঁ কয়, ‘উৰিয়ামঘাটৰ এটা কেন্দ্রস্থল আছিল। প্রথমে তাত ১২শ পৰিয়ালৰ পৰা গৈ ২০ হেজাৰ হৈছিল আৰু এইবাৰ এটা সমষ্টি নিজৰ অধীনলৈ আনিলেহেঁতেন। তাৰ পাছত উৰিয়ামঘাটৰ পৰা আহিছো বুলি কৈ গোলাঘাট, তাৰ পৰা তিতাবৰ, তাৰ পৰা সোণাৰি, নাহৰকটীয়া গৈ পালেহেঁতেন। এইদৰেই তেওঁলোকে নির্দিষ্ট লক্ষ্য লৈ কাম কৰে আৰু আমি অনুধাৱন কৰিব পৰা নাই।’

উৰিয়ামঘাটৰ উচ্ছেদিতৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব নেকি এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰিপুন বৰাই নির্বাচন আয়ুক্তলৈ ফোন কৰি খবৰ লৈ থাকে বুলিও মুখ্যমন্ত্রীয়ে দাবী কৰে। দীঘলীপুখুৰী-নুনমাটি সংযোগী নির্মীয়মাণ উৰণ সেতুৰ নাম হ’ব ‘মহাৰাজ পৃথু’ আনহাতে, দীঘলীপুখুৰী-নুনমাটি সংযোগী নির্মীয়মাণ উৰণ সেতুৰ নাম ‘মহাৰাজ পৃথু’ৰ নামেৰে নামকৰণৰ সিদ্ধান্ত গ্রহণ কৰে কালি অনুষ্ঠিত ৰাজ্যিক কেবিনেট১ বৈঠকে।

আনহতে, গুৱাহাটীত ভাৰতীয় ব্যবস্থাপনা প্রতিষ্ঠান (আইআইএম) স্থাপনৰ বাবে প্রধানমন্ত্রী নবেন্দ্র মোদীলৈ আজিৰ অসম কেবিনেটে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি এক প্রস্তাব গ্রহণ কৰে। ইয়াৰ উপৰি উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান সফলভাবে চলাই বেদখলকাৰীৰ পৰা ভূমি মুক্ত কৰাৰ বাবে নগালেণ্ড চৰকাৰ আৰু অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগক কেবিনেটে ধন্যবাদ জ্ঞাপন কৰে।

উৰিয়ামঘাটৰ উচ্ছেদিত অঞ্চলসমূহত নগালেণ্ড চৰকাৰৰ স’তে যৌথভাবে বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্তও আজিৰ বৈঠকে গ্রহণ কৰে। পৰিবেশ আৰু বন বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ উপস্থিতিত অহা ২৩ আগষ্টত যৌথভাবে এই অভিযান আৰম্ভ কৰা হ’ব। লগতে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে প্রধানমন্ত্রী আবাস যোজনা- গ্রামীণৰ অধীনত অনুমোদিত ৩,১৪,৭৭৩ গৰাকী হিতাধিকাৰীক অনুমোদন পত্র বিতৰণৰ বাবে কেবিনেটে কালি অনুমোদন জনায়।

ইয়াৰ উপৰি সমগ্র অসমতে দক্ষতা বিকাশৰ শিক্ষা প্রদানৰ বাবে ৫০টা হাব আৰু পাঁচটা স্প’ক মডেল ৰূপায়ণৰ বাবে সমগ্র শিক্ষা, অসমৰ স’তে কৌশলগত অংশীদাৰৰূপে নেলকো লিমিটেড (টাটা-নেলকো)ক মনোনীত কৰাত কেবিনেটে অনুমোদন জনায়। প্রথম পর্যায়ত ১০টা হাব আৰু ৭০টা স্প’ক স্থাপন কৰা হ’ব। মুঠ ছশ কোটি টকাৰ এই প্রকল্পত টাটা নেলকোরে ৭৫ শতাংশ আৰু অসম চৰকাৰ তথা সমগ্র শিক্ষাই ২৫ শতাংশ ব্যয় বহন কৰিব।

Exit mobile version