Bongalmora Fake Note :
উত্তৰ-পূবৰ জালনোটৰ অন্যতম ঘাটি হৈ পৰা লখিমপুৰৰ বঙালমৰাত সংগোপনে অব্যাহত আছে নকল টকাৰ ৰমৰমীয়া বেহা ৷ একপ্ৰকাৰ জালজোটৰ কৰিডৰ হৈ পৰিছে বঙালমৰা ৷ অকল জাল নোটেই নহয় নকল সোণৰো ঘাটি বঙালমৰা ৷
বঙালমৰাৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় কোটি-কোটি জালনোট ৷ জালনোট চক্ৰৰ মাষ্টাৰমাইণ্ড গফুৰৰ নেতৃত্বত সৰবৰাহ হৈছে জালনোট ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে জালনোট সৰবৰাহৰ এক চাঞ্চল্যকৰ ভিডিঅ’ ৷
এজন যুৱকৰ হতুৱাই লখিমপুৰৰ লালুকৰ কেহুতলিৰ গফুৰে গুৱাহাটীলৈ সৰবৰাহ কৰিছে লাখ-লাখ টকাৰ জালনোট ৷ যুৱকজনে প্ৰদান কৰিছে চাঞ্চল্যৰ স্বীকাৰোক্তি ৷ বঙালমৰাত ঘাটি হৈ পৰা জাল নোট আৰু নকল নোটৰ ৰমৰমীয়া বেহা সমুলঞ্চে উৎখাত কৰিবলৈ অসম আৰক্ষী সক্ষম হ’বনে ৷ এইয়া লাখটকীয়া
প্ৰশ্ন সচেতন মহলৰ I
