Sonitpur :সেনাৰ বাবে আৱন্টিত ডিজেলৰ চোৰাং বেহা !

চাৰিদুৱাৰত আৰক্ষীৰ জালত চোৰাং তেলৰ সৰবৰাহকাৰী

Sequence 010 8

Sonitpur :

শোণিতপুৰৰ চাৰিদুৱাৰত চোৰাং তেলৰ ৰমৰমীয়া বেহা ৷ চোৰাং ভাৱে ডিজেল বিক্ৰীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে নিশা চাৰিদুৱাৰৰ দোৱাঙবাৰী অঞ্চলত অভিযান চলাই কেইবাশ লিটাৰ ডিজেল সহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। ধৃত লোকজনৰ নাম হেমন্ত বড়ো ৷

আটকাধীন হেমন্ত বড়োৱে আৰক্ষীক দিয়ে কেতবোৰ বিস্ফোৰক তথ্য ৷ তথ্যানুসৰি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্মাণকাৰী সংস্থাৰ লগতে সেনাবাহিনীৰ বাবে আৱন্টিত ডিজেল সংশ্লিষ্ট বিভাগৰে একাংশ কৰ্মচাৰীয়ে কম মূল্যত তেওঁক দীৰ্ঘদিন ধৰি বিক্ৰী কৰি আহিছিল। এইদৰেই তেওঁ অব্যাহত ৰাখিছিল চোৰাং ডিজেলৰ ৰমৰমীয়া বেহা।

আটকাধীন বড়োৰ স্বীকাৰোক্তিৰ ভিত্তিত সংশ্লিষ্ট বিভাগটোৰ কৰ্মচাৰীক তদন্তৰ আওতালৈ আনিবলৈ আৰক্ষী সক্ষম হ’বনে বুলি সচেতন মহলে কৰিছে মন্তব্য ৷

 

 

Exit mobile version