আমেৰিকাৰ স’তে পাৰ্চেল সেৱা সাময়িকভাৱে স্থগিত কৰিলে ভাৰতে!

IMG 20250823 193750

Indian Postal Department:✒️আমেৰিকাৰ স’তে পাৰ্চেল সেৱা সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ডাক বিভাগে।

কিয় জাৰি কৰা হ’ল গাইডলাইন?

সূত্ৰৰ মতে, এতিয়ালৈকে আমেৰিকালৈ ৮০০ মাৰ্কিন ডলাৰৰ পাৰ্চেল প্ৰেৰণৰ ওপৰত কোনো শুল্ক আৰোপ কৰা হোৱা নাছিল।

৩০ জুলাইত আমেৰিকাই এখন জাননী জাৰি কৰি কয় যে ২৯ আগষ্টৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা যিকোনো মূল্যৰ যিকোনো পাৰ্চেলত শুল্ক আৰোপ কৰা হ’ব।

আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা আইনৰ শুল্ক কাঠামো অনুসৰি এই শুল্ক আৰোপ কৰা হ’ব ।

জাননী অনুসৰি বিদেশলৈ পাৰ্চেল প্ৰেৰণ কৰা আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ বা আমেৰিকাৰ কৰ্তৃত্বপ্ৰাপ্ত সংস্থাইহে শুল্ক আৰোপ বা পৰিশোধ কৰিব পাৰিব।

যিহেতু সেই কেৰিয়াৰ বা সংস্থাসমূহৰ অনুমোদন এতিয়াও চূড়ান্ত হোৱা নাই, সেয়েহে বিমান সংস্থাসমূহে ২৫ আগষ্টৰ পাছত পাৰ্চেল পৰিবহণ কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়াই জনাইছে যে, এই পৰিস্থিতিত আমেৰিকালৈ সকলো ধৰণৰ পাৰ্চেল প্ৰেৰণ কৰাটো আপাততঃ বন্ধ হৈ আছে। কেৱল চিঠি, নথি-পত্ৰ আৰু উপহাৰৰ সামগ্ৰীহে আমেৰিকালৈ প্ৰেৰণ কৰিব পাৰিব।

Exit mobile version