বিতৰ্কৰ মাজতে পুনৰ পথৰকুকুৰৰ আক্ৰমণ! 

dog 5

Kanpur: ✒️পথকুকুৰক লৈ বিতৰ্কত উত্তাল দেশ। প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হয় উচ্চতম ন্যায়ালয়। ইয়াৰ মাজতে পুনৰ প্ৰকাশ পালে পথকুকুৰৰ আক্ৰমণৰ ঘটনা।

উত্তৰ প্ৰদেশৰ কানপুৰত পথকুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী কলেজীয়া ছাত্ৰী।

প্ৰাপ্ত তথ্য অনুসৰি, ছাত্ৰীগৰাকীৰ মুখত প্ৰায় ১৭টা চিলাই কৰিব লগা হৈছে।

বৈষ্ণৱী সাহু নামৰ ছাত্ৰীগৰাকীয়ে যোৱা ২০ আগষ্টত কলেজৰ পৰা উভতি আহি থকা অৱস্থাত কানপুৰৰ শ্যামনগৰ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।

আকস্মিক আক্ৰমণত বৈষ্ণৱী পথত বাগৰি পৰে। ইয়াৰ পাছতে কুকুৰকেইটাই তাইৰ মুখ আৰু শৰীৰত কামুৰি আঘাত কৰে।

বৈষ্ণৱীৰ চিঞৰ শুনি স্থানীয় ৰাইজে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। বৈষ্ণৱীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। তথ্য অনুসৰি,কুকুৰে কামোৰাত তাইৰ সোঁগালখন প্ৰায় দুভাগ হৈ গৈছিল। দেহৰ কেবাটাও ঠাইত কুকুৰে কামুৰিছে।

Exit mobile version