CM Reaction in jagiroad:অসমত চলা উচ্ছেদক লৈ জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী মেহমুদ মাদানীয়ে মুখ্যমন্ত্ৰীক বৰ্খাস্তৰ দাবী কৰাক লৈ মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া

মাদানীক মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱাই কয় জমিয়তক মই কেৰেপ নকৰো

new11

CM Reaction in jagiroad:

ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অব্যাহত ৰখা উচ্ছেদক লৈ নতুন দিল্লীত জমিয়ত উলেমা-ই-হিন্দৰ উদ্যোগত কে’বাটাও মুছলিম সংগঠন একত্ৰিত হৈ অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত আৰু গ্ৰেপ্তাৰৰ দাবীত গ্ৰহণ কৰে এক বিশেষ প্ৰস্তাৱ ৷ প্ৰস্তাৱৰ পিছতে জমিয়তৰ মুৰব্বী মেহমুদ মাদানীয়ে এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰাৰ পিছত শনিবাৰে গৰজি উঠিল মুখ্যমন্ত্ৰী ড:শৰ্মা ৷

জাগীৰোডৰ ছেমিকণ্ডাক্ট প্ৰকল্পৰ দহমহলীয়া মহিলা হোষ্টেলৰ আধাৰশিলা স্থাপন অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী ড:শৰ্মাই কয়, মোক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰিবলৈ মাদানী কোন,মোক মুখ্যমন্ত্ৰী পাতিছে অসমৰ ৰাইজে,মই ৰাইজৰ মুখ্যমন্ত্ৰী ,অপসাৰণ কৰিলে ৰাইজে কৰিব ৷ জমিয়তক মই কেৰেপ নকৰো ৷ সেয়েহে মই ৰাজহুৱাভাৱে মেহমুদ মাদানীক বুঢ়া আঙুলি দেখুৱালো ৷ এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ, বীৰ্য, সাহস আছে। জমিয়তে মিঞাৰ জনবিস্ফোৰণক সমৰ্থন কৰে। অসমীয়াৰ স্বাভিমানৰ বিষয় যেতিয়াই আহে ৷ তেতিয়াই বিৰোধিতা কৰে জমিয়তে ৷ মই পালেতো মাদানীকো বাংলাদেশলৈ পঠাই দিম। মাদানীৰ ‘বি’ টীম কংগ্ৰেছ ,কংগ্ৰেছ অচিনাকী মানুহৰহে চৰ্দাৰ বুলি তীব্ৰ কটাক্ষ কৰে জমিয়তক ৷

Exit mobile version