অসুস্থ শিশুৰ চিকিৎসাৰ বাবে নিজৰ জীৱনক পণ নাৰ্ছৰ

প্ৰাণৰ শংকাকো নেওচি জঁপিয়াই পাৰ হ'ল খৰস্রোতা নদী

How Mandi Nurse Risks Life To Save Infant Goes Viral 2025 08 a1e0f86fbcc6071258bf3f0540a90d15 16x9 1

Himachal:✒️কান্ধত থকা বেগত আছে জীৱনদায়িনী ইঞ্জেকচন আৰু ঔষধ। পাহাৰৰ এটা শিলত থিয় হৈ আছে এগৰাকী মহিলা। সন্মুখত কিছু তলেদি ভীষণ গৰ্জন কৰি বৈ গৈছে এখন খৰস্রোতা নদী। মাজে মাজে ওলাই আছে পাহাৰৰ প্ৰকাণ্ড শিল, যিবোৰ সকলো সময়তে পানীত তিতি থকাৰ ফলত পিছল হৈ আছে।

অর্থাৎ শিলত ভৰি পিছল খাই খৰস্রোতা নদীত পৰিলেই মৃত্যু অনিবার্য। অথচ সেই নদীখন পাৰ হ’বই লাগিব। কাৰণ সেই মহিলাৰ হাততে আছে এটি দুমহীয়া শিশুৰ জীৱন। সেই কণমানিৰ জীৱন ৰক্ষাৰ বাবে নিজৰ জীৱনৰো বাজি ধৰি উক্ত শিলৰ পৰা নদীৰ মাজৰ শিলবোৰ জঁপিয়াই পাৰ হ’বলৈ দুবাৰ নাভাবিলে সেই নাৰ্ছগৰাকীয়ে।

সেই নাৰ্ছগৰাকীৰ অদম্য সাহস আৰু কর্তব্য নিষ্ঠাক প্রকাশ কৰা সেই ভিডিঅ’ সম্প্রতি ভাইৰেল হৈ পৰিছে। এই ঘটনা হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ। চৌহৰঘাটি অঞ্চলৰ সুদহাৰ পঞ্চায়তৰ এগৰাকী নাছে সম্প্রতি এইদৰেই নিজক জীবনকো নেওচি অসুস্থ শিশুটিৰ কাষত উপস্থিত হয়।

আচলতে অনর্গল বৰষুণৰ বাবে হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলৰ দলং পানীয়ে উটুৱাই নিছে। ফলত ভিতৰুৱা অঞ্চলবোৰৰ পথ অৱৰুদ্ধ হৈ পৰিছে। সেয়ে বাধ্য হৈয়েই প্ৰৱল কৰ্তব্যপৰায়ণ নাৰ্ছগৰাকীয়ে সেই পথ অৱলম্বন কৰিছিল। পাছৰ পৰা একাংশ লোকে তেওঁৰ কাণ্ডৰ ভিডিঅ’ কৰিছিল। তেওঁক তেনেকৈ প্ৰাণৰ পণ নল’বলৈ আহ্বান জনাইছিল; কিন্তু নাৰ্ছগৰাকীয়ে কৰ্তব্যৰ তাড়নাতে নিজৰ সিদ্ধান্তত অবিচল হৈ নদীখন পাৰ হৈ যায়।

সৌভাগ্যক্রমে তেওঁ কেনো দুর্ঘটনা নঘটাকৈ নদী পাৰ হ’বলৈ সক্ষম হয়। টিক্কৰ গাঁৱৰ কমলা নামৰ সেই নাৰ্ছগৰাকীয়ে পাছত জনায় যে তেওঁ নিজৰ ডিউটিলৈ ওলোৱাৰ সময়তে ফোন আহে যে সেই দুমহীয়া শিশুটিক জীবনদায়ী ইঞ্জেকচন দিব লাগে। অথচ ৰাস্তা বন্ধ আছিল। দলঙো ভাঙি গৈছিল।

অগত্যা উপায়ান্তৰ হৈ তেওঁ শিলে শিলে জাঁপ দি নদী পাৰ হয়। এই ঘটনাৰ ভিডিঅ’ সম্প্রতি সামাজিক মাধ্যমত বিয়পি পৰিছে। সেয়া চোৱাৰ পাছত সকলোৱে কমলাৰ সাহসিকতা আৰু কৰ্তব্য নিষ্ঠাৰ প্রশংসা কৰিছে। কমলাই কয়, ‘প্রতিদিনে চাৰি কিলোমিটাৰ খোজকাঢ়ি যাবলগীয়া হয়। ৰাস্তা-ঘাট নাই। দলঙো উটি গৈছে। তথাপি ৰোগীৰ বাবে যে যাবই লাগিব।’

Exit mobile version