Healty Tips: ✒️পুৱা গেছৰ ঔষধ, পেটৰ কিবা সমস্যা হ’লে খলনায়ক গেছ। অৱশ্যে নিয়ম মানি চলিলে পেট আপোনাৰ নিয়ন্ত্রণত থাকিব পাবে। মাত্র আপোনাৰ অনিয়ন্ত্রিত জীৱনশৈলী আৰু অবৈজ্ঞানিক খাদ্যাভ্যাস সলনি কৰিব লাগিব।
প্রখ্যাত গেষ্ট্ৰ’এণ্টেৰ’লজিস্ট ডাঃ ৰাজীৱ সৰকাৰে আপোনাৰ পেটটো সুস্থ কৰি ৰাখিবলৈ কিছু টিপছ দিলে। পেটত খাদ্য হজম হোৱাৰ পৰা অস্ত্র সুস্থ কৰি ৰাখিবলৈ এই কেইটামান নিয়ম মানি চলিলে পেটৰ সমস্যা দূৰ হ’ব।
(১) পুৱা খালী পেটত জিবা তিয়াই গৰম পানী খাব লাগে। আগৰ নিশা জিৰা তিয়াই লওক। সেই পানী চেকি লওক আৰু লাহে লাহে খাওক। ইয়াৰ দ্বাৰা আপোনাৰ পেটটো দিনটোৰ কামৰ বাবে সাজু হ’ব।
(২) পুৱাৰ জলপানে আপোনাৰ পেটটো সুস্থ কৰি ৰখাত বিশেষ ভূমিকা পালন কৰে। অধিক আঁহযুক্ত জলপান খাব লাগে। ব্রেকফাষ্টৰ শেষত টেঙা দৈ খাব। ই প্র’বায়’টিক হিচাপে কাম কৰিব।
(৩) গোটেই দিনটো পানী খোৱাৰ পৰিমাণৰ ওপৰত চকু ৰাখিব লাগে। শৰীৰৰ প্ৰয়োজনীয় পানী নিয়মিতভাবে খাব লাগে।
(৪) সঘনাই চাহ-কফি খোৱাৰ অভ্যাস ত্যাগ কৰিব লাগে। পুরা আৰু দুপৰীয়া একাপ শুদা চাহ খালেই যথেষ্ট। বিস্কুট কম খাব লাগে। তাৰ পৰিৱৰ্তে ঘিউ বা শুকান মুৰি কম পৰিমাণে খাব লাগে।
(৫) বজাৰৰ শস্য (মুছলি, কর্ণ ফ্লেক) খোৱাৰ পৰিৱৰ্তে ঘৰতে বনোৱা কটি, তৰকাৰী বা সাধাৰণ ওটছ আৰু ডালিয়াৰ স’তে টিফিন খাব লাগে।
(৬) বহু লোকে গাখীৰ সহ্য কৰিব নোৱাৰে। যদি আপোনাৰ লেক্ট’জ অসহিষ্ণুতা আছে তেন্তে দৈনন্দিন খাদ্যত গাখীৰৰ সলনি চজিনা যোগ কৰক।
(৭) আহাৰ গ্ৰহণৰ লগত পানী খোৱাৰ অভ্যাস ত্যাগ কৰিব লাগে। তাৰ পৰিৱৰ্তে খাদ্য খোৱাৰ ১০ মিনিট আগতে পানী খাব লাগে। খোৱাৰ আধাঘণ্টাৰ পাছত পুনৰ পানী খাব লাগে।
(৮) বন্ধা-বঢ়াত শুকান জলকীয়া আৰু গুড়ি জলকীয়া ব্যৱহাৰ বন্ধ কৰা ভাল। তেল ভিত্তিক মছলাও পৰিহাৰ কৰিব লাগে।
(৯) কোষ্ঠকাঠিন্য হ’লে খাদ্যত অধিক আঁহ যোগ কৰিব লাগে। আনকি স্বাভাৱিক সুস্থ লোকৰ বাবেও খাদ্যত প্র’টিন আৰু শাক-পাচলিৰ পৰিমাণ বৃদ্ধি কৰিব লাগে।
(১০) নিয়মিতভাবে ব্যায়াম কৰক। কমেও ৪০ মিনিট সময় খোজ কঢ়া বা কিছু শাৰীৰিক ব্যায়াম কৰাত নিজকে ব্যস্ত ৰাখক। ব্যায়াম কৰিলে আপোনাৰ সামগ্রিক শৰীৰটো সুস্থ হৈ থাকে। যকৃত সুস্থ কৰি কৰিব লাগে।
(১১) বিয়া, উৎসৱ আৰু নিমন্ত্রণীত যদি অনিয়মিত আহাৰ গ্ৰহণ কৰে তেন্তে আগদিনা আৰু পিছদিনা লাহে লাহে আহাৰ গ্ৰহণ কৰক। নিশাৰ সময়ত কেতিয়াও নাখাব। বৰঞ্চ অলপ অলপকৈ বাৰে বাৰে খাব লাগে। নিমন্ত্রণীত খোৱা খাদ্যৰ পৰিমাণৰ প্ৰতিও সাৱধান হওক।
(১২) শীতল পানীয় খাই খাদ্য হজম কৰাৰ আঁৰত কোনো বিজ্ঞান নাই। ইয়াত থকা চ’ডাই বুৰবুৰণি মাৰিলেও খাদ্য হজম হোৱাত বাধা দিয়ে। বৰঞ্চ যদি আপুনি বেছিকৈ খায় তেন্তে খাদ্য খোৱাৰ পাছত কমেও ২০ মিনিট লাহে লাগে খোজ কাঢ়িব লাগে। এই ডজন নিয়ম মানি চলিলে আপোনাৰ পেটটো সুস্থ হৈ উঠিব।
